এই কাৰণেই বিয়াৰ প্ৰথম নিশাত কইনা - দৰাক দিয়া হয় কেশৰ - বাদাম মিহলোৱা গাখীৰ
বিবাহ হৈছে এক পৱিত্ৰ বান্ধোন । এই সম্বন্ধত বান্ধ খোৱাৰ পিছত দুজন লোকে তেওঁলোকৰ নতুন জীৱনৰ পাতনি মেলে । বিয়াৰ বাবে বহুতো নীতি নিয়মৰ পালন কৰিব লগীয়া হয় । ইয়াৰ পিছত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ফুলশয্যা ৰাতি হয় । ফুলশয্যা ৰাতিৰ বিষয়ে আপুনি হয়তো বহুত শুনিচে যে সেইদিনা দৰ আৰু কইনাক কেশৰৰ গাখীৰ খাবলৈ দিয়া হয় । সেয়ে আজি আমি জনিম যে ইয়াৰ আৰৰ কাৰণ কি , এই দিনটোত দৰা আৰু কইনাক এইয়া গাখীৰ কিয় খাবলৈ দিয়া হয় ।
হিন্দু ধৰ্মত বিবাহ বহুতো ৰতি নীতিৰ আৰু পৰম্পৰাৰ মাজেৰে সম্পন্ন হয় । ইয়াত ফুলশয্যা ৰাতি কইনা দৰাক কেশৰ আৰু বাদাম মিহলোৱা খাবলৈ দিয়া হয় । এই গাখীৰ এইবাবেই দিয়া হয় কাৰণ বিয়াৰ দিনা কইনা আৰু দৰাই যথেষ্ট কষ্টৰ মাজেৰে পাৰ কৰে আৰু ভাগৰুৱা অনুভৱ কৰি থাকে , এই গাখীৰ খালে দুয়োৰে শৰীৰত শক্তি পাই ।
ইয়াৰ বাহিৰে আপুনি টো জানেই যে বিয়াৰ দিনা দৰা আৰু কইনা দুয়ো বহুতো মানসিক চাপ যেন অনুভৱ কৰি থাকে , সেইবাবে এই গাখীৰে দুয়োজনৰে মানসিক চাপ বা হেঁচা সমূহ দূৰ কৰাত সহায় কৰে । ইয়াৰ উপৰিও এই গাখীৰে আমাৰ শৰীৰত প্ৰটিন যোগান ধৰে যাৰ জড়িয়তে শাৰীৰিক মিলনৰ শক্তিও বৃদ্ধি হয় ।
প'ষ্ট টো ভাল লাগিলে like , share & comment কৰিব আৰু Times Guwahati চেনেলটো Subscribe কৰিব । ধন্যবাদ

