সলনি হ'ব ড্ৰাইভিং লাইচেন্স আবেদনৰ নিয়ম : সবিশেষ জানি লওক
নতুন বছৰত কেন্দ্ৰীয় পৰিবহণ বিভাগে Driving Licence জাৰি কৰা আৰু পূৰণি লাইচেন্স নবিকৰণৰ লগতে বাহন পঞ্জীয়নৰ ক্ষেত্ৰত নিয়মৰ কিছু সাল সলনি ঘটাইছে। ডিজিটেল ইণ্ডিয়া কেম্পেইনৰ অংশ হিচাপে বহু সেৱা সম্পূৰ্ণৰূপে অনলাইন ৰূপত আগবঢ়োৱা হৈছে। বৰ্তমান মহামাৰীৰ বাবে মানুহৰ জীৱন ধাৰণাৰ প্ৰণালীৰ বহু সাল সলনি ঘটাত এই নিয়ম সমূহে ৰাইজক নিজৰ কাগজ পত্ৰ সমূহ উন্নিত কৰি ৰখাত সহায়ক হ'ৱ বুলি আশা কৰা হৈছে। উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, অসম, ৰাজস্থান, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডকে ধৰি কেবাখনো ৰাজ্যই ইতিমধ্যে এই নিয়ম সমূহ বলবৎ কৰিছে।
কেৱল online আৱেদন
কিছুমান ৰাজ্যই এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্সৰ বাবে কেৱল অনলাইন প্ৰক্ৰিয়াৰেহে আৱেদন গ্ৰহণ কৰিব। অফলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হ'ব। ইতিমধ্যে বিহাৰ, উত্তৰ প্ৰদেশ, অসম আৰু দিল্লী-এন চি আৰত অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।
ড্ৰাইভিং লাইচেন্স আৰু তাৰ লগত জড়িত সেৱা সমূহৰ আবেনৰ বাবে পদক্ষেপ সমূহ
Step 1: পৰিবহণ বিভাগৰ ৱেবছাইটত লগ ইন কৰক।(https://sarathi.parivahan.gov.in)
Step 2: Home ত থকা 'online services' টেবত ক্লিক কৰক। ই বিভিন্ন সেৱাৰ এক ড্ৰপডাওন মেনু্ খুলি দিব।
Step 3: 'Driving Licence Related Services' অপ্সনত ক্লিক কৰক।
Step 4: আপোনাৰ ৰাজ্য খন চিলেক্ট কৰক।
Step 5: এখন নতুন উইণ্ড খোল খাব। তাৰ পৰা 'Apply Driving Licence' অপ্সনত ক্লিক কৰক আৰু আবেদন খন পূৰণ কৰক। আবেদনৰ লগত কিছু নথি পত্ৰ আপলোড কৰিব লাগিব।
লাৰ্নিং লাইচেন্সৰ বাবে মাছুল জমা দিয়াৰ নিয়ম সলনি
প্ৰায় সকলো ৰাজ্যৰ পৰিবহণ বিভাগ সমূহে লাৰ্নিং লাইচেন্সৰ আবেদনৰ বাবে মাছুল জমা দিয়াৰ নিয়ম সলনি কৰিছে। নতুন নিয়মৰ অধীনত আবেদনকাৰীয়ে অনলাইন স্লট বুক কৰাৰ লগে লগেই মাছুল জমা দিব লাগিব। মাছুল জমা দিয়াৰ পাছত আপুনি আপোনাৰ সুবিধা মতে অনলাইন পৰীক্ষাৰ তাৰিখ বাছি ল'ৱ পাৰিব। ৰাজ্য সমূহে বলবৎ কৰা আন এক বিশেষ নিয়ম হৈছে যে লাৰ্নিং লাইচেন্সৰ পৰীক্ষাৰ পিছত লাইচেন্স খন পাবলৈ পৰিবহণ বিভাগৰ অফিচলৈ যাব নালাগে। এতিয়াৰে পৰা আপুনি লাইচেন্স খনৰ অনলাইন প্ৰিন্ট এটা উলিয়াই ল'লেই হʼল। কেৱল অনলাইন পৰীক্ষাৰ বাবেহে আবেদনকাৰীয়ে অফিচলৈ যাব লাগিব।