ৰাম মন্দিৰলৈ এক কোটি টকাৰ আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !
দেশজুৰি চৰ্চিত হৈছে ‘ফক্কৰ বাবা’ৰ নাম
ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহৰ পৰাও ৰাম ভক্তসকলে দান-বৰঙনি আগবঢ়াইছে। ইয়াৰ ব্যতিক্ৰম হোৱা নাই সন্যাসীসকলো ।
দেশৰ ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন লােকে সুবিশাল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়াইছে। কোটি কোটি ধনৰে ৰাম মন্দিৰৰ বাবে ত্যাগ স্বীকাৰ কৰি আহিছে ।
কিন্তু ইয়াৰ মাজতে হঠাতে চৰ্চাত এগৰাকী সন্যাসীৰ, যিগৰাকী সন্যাসী বিগত প্ৰায় ৬੦ বছৰে বাস কৰিছে এটা পৰ্বতৰ গুহাত। যাৰ নাম শংকৰ দাস ।
সন্যাসী হৈ থাকিও ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক কোটি টকা অনুদান আগবঢ়াইছে স্বামী শংকৰ দাস (বয়স ৮৫) ওৰফে ‘ফক্কৰ বাবা’ য়ে ।
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান-বৰঙনি সংগ্রহ অভিযান চলি থকাৰ খবৰ লাভ কৰি নিজেও অনুদান দিয়াৰ বাবে মনস্থিৰ কৰে। তাৰ বাবেই তেওঁ উপস্থিত হয়গৈ State of India ৰ ঋষিকেশ শাখাত
বেংকৰ মেনেজাৰক জনাই যে সাধুজনে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক কোটি টকা দান দিব। লগতে সাধুজনে এক কোটি টকাৰ এখন চেক বেংক বিষয়া সকলৰ হাতত তুলি দিয়ে।
এই ঘটনাত হতবাক হৈ পৰে বেংকৰ বিষয়াসকল। তেওঁলােকে ততাতৈয়াকৈ বিশ্ব হিন্দু পৰিষদৰ স্থানীয় বিষয়ববীয়াক বেংকলৈ মাতি পঠায়।
বিশ্ব হিন্দু পৰিষদৰ কর্মকর্তাৰ হাতত পােনপটীয়াকৈ উক্ত চেক তুলি দিয়ে স্বামী শংকৰ দাসে। সাধুজনে কয় যে ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে সহযােগিতা আগবঢ়ােৱাই মােৰ সপোন আছিল ।
উল্লেখ্য যে ‘ফক্কৰ বাবা’ৰ এই অনুদানৰ বিষয়টো প্ৰচাৰ হােৱাৰ লগে লগে বিভিন্ন মহলত প্রতিক্রিয়াও হৈছে। কোনাে লােকে গুহাত বাস কৰি ইমান টকা কেনেকৈ সংগ্রহ কৰিব পাৰে বুলিও প্রশ্ন কৰিছে । আপুনাৰ মনত কি প্ৰশ্ন উদয় হৈছে । ক'ৰ পৰা পালে ইমান ধন ?