লক্ষ্মী দেৱীয়ে ভগৱান বিষ্ণুৰ ভৰি কিয় পিটিকি থাকে? ৯৯ শতাংশ মানুহেই নাজানে এই কথা
আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ ভগৱান বিষ্ণু আৰু ধনৰ আৰাধ্য দেৱী লক্ষ্মী গোসাঁনীৰ বিষয়ে এনে কিছু কথা, যাৰ বিষয়ে হয়তো ইমানদিনে আপোনালোকে জনা নাছিল। আপোনালোকে হয়তো মন কৰিছে ভগৱান বিষ্ণুৰ ছবিসমূহত প্ৰায়েই লক্ষ্মী দেৱীক তেওঁৰ ভৰি মালিচ কৰি থকা দেখা যায়। ইয়াৰ আঁৰত কি কাৰণ নিহিত থাকিব পাৰে সেই বিষয়ে আপুনি কেতিয়াবা ভাবি চাইছেনে? হয়তো বহুতেই ভাৱে যে নাৰীৰ স্থান সদায় পুৰুষৰ তলত, সেয়ে দেৱী হ'লেও লক্ষ্মী মাক এনেদৰেই ভগৱান বিষ্ণুৰ চৰণযুগলতহে দেখা যায়।
কিন্তু, সেইটো ইয়াৰ প্ৰকৃত কাৰণ নহয়। লক্ষ্মী দেৱীয়ে ভগৱান বিষ্ণুৰ ভৰি পিটিকি থকাৰ আঁৰত আছে আন এক কাৰণহে। শাস্ত্ৰৰ মতে, মহিলাৰ হাতত দেবগুৰু বৃহস্পতিয়ে বাস কৰে,বিপৰীতে পুৰুষৰ ভৰিত দৈত্যগুৰু শুক্ৰাচাৰ্যই বাস কৰে। সেয়ে, যেতিয়াই কোনো মহিলাই পুৰুষৰ ভৰি পিটিকি দিয়ে, তেতিয়াই দেৱ আৰু দানৱৰ মিলন হয় আৰু ইয়াৰ ফলত উক্ত পৰিবাৰলৈ ধনৰ সোঁত বয়।
আন এক পৌৰাণিক আখ্যানৰ মতে, লক্ষ্মীৰ এগৰাকী ভগ্নী আছিল। তেওঁৰ নাম আছিল অলক্ষ্মী। অলক্ষ্মী তেওঁৰ ভগ্নী লক্ষ্মীৰ প্ৰতি সকলো সময়তে ঈর্ষান্বিত হৈ থাকিছিল। অলক্ষ্মী একেবাৰে আকৰ্ষণীয় নাছিল। তেওঁৰ চকুযুৰি আছিল ভয়লগা, আউলী বাউলী চুলিৰে সৈতে ডাঙৰ ডাঙৰ দুপাৰি দাঁত আছিল তেওঁৰ। তেওঁৰ জীৱনত নাছিল কোনো আনন্দময় মুহূৰ্ত। সেয়ে তেওঁ ভগ্নী লক্ষ্মীক ঈৰ্ষা কৰিছিল আৰু প্ৰায়েই লক্ষ্মী য'তেই থাকে তালৈকে ঢাপলি মেলিছিল। ভগ্নীৰ এই কথা অলপো পছন্দ কৰা নাছিল লক্ষ্মী মাই। লক্ষ্মী ক্ৰমাৎ অতিষ্ঠ হৈ পৰিছিল, অলক্ষ্মীক টানকৈয়ে কৈছিল,'তুমি মোক আৰু মোৰ স্বামীক কিয় অকলে এৰি নিদিয়া? আমাক কিয় শান্তিৰে থাকিব নিদিয়া?' উত্তৰত অলক্ষ্মীয়ে কৈছিল যে কোনেও মোৰ আৰাধনা নকৰে, মোৰ স্বামীও নাই। সেয়ে তুমি য'লৈকে যোৱা ময়ো তালৈকে যাম। অলক্ষ্মীৰ কথাত লক্ষ্মী দেৱী ক্ৰোধান্বিত হৈ পৰিল আৰু আৱেগৰ বশৱৰ্তী হৈ ভগ্নী অলক্ষ্মীক এই শাপ দিলে যে এতিয়াৰে পৰা তোমাৰ স্বামী হ'ব মৃত্যুৰ দেৱতা আৰু য'তেই কুৎসা, ঈৰ্ষা, লালসা, আলস্য, ৰোষ আদি থাকিব তাতেই তুমি থাকিবা।
ইয়াৰ পিছৰে পৰা ভগৱান বিষ্ণুৰ চৰণ যুগলৰ কাষত বহি লক্ষ্মীয়ে তেওঁৰ চৰণৰ আৱৰ্জনাবোৰ পৰিস্কাৰ কৰি ৰাখিবলৈ আৰম্ভ কৰিলে, যাতে অলক্ষ্মী তেওঁৰ স্বামীৰ কাষ চাপিব নোৱাৰে। এনেদৰেই অন্য স্ত্ৰীৰ পৰা স্বামীক দূৰ কৰি ৰখাৰ চেষ্টাত নিমগ্ন হ'ল দেৱী লক্ষ্মী।