গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ পৰা আৰম্ভ হল কংগ্ৰেছৰ "অসম বচাও অভিযান"
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙক লগত লৈ বটদ্ৰৱা থানত সেৱা ললে ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনে ।
বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটাই সুন্দৰ অসম গঢ়াৰ অংগীকাৰ ।
Times Guwahati নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলৰে কেন্দ্ৰ বিন্দু হৈ পৰিছে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান । এক কথাত কবলৈ হলে POLITICAL HUB ত পৰিনত হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান । আজি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক জীতেন্দ্ৰ সিঙৰ লগত লৈ বটদ্ৰৱা থানত পুৱাই উপস্থিত হল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুত বৰদলৈকে ধৰি বহু কংগ্ৰেছ নেতা-কৰ্মী । বিজেপিৰ অপশাসনৰ পৰা ৰাজ্যৰ জনসাধাৰণক মুক্ত কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৰাজ্যৰ চাৰিটা ভিন্ন স্থানৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিলে এই অভিযান । আজি বটদ্ৰৱা থানত সেৱা লৈ শুভাৰম্ভ কৰে "অসম বচাও অভিযান" । বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটাই এক সুন্দৰ অসম গঢ়াৰ অংগীকাৰ । মুল্যবৃদ্ধিত জুৰুলা হোৱা অসমৰ দৰিদ্ৰ জনগনক সকাহ দিয়াৰ স্বাৰ্থত সকলো ৰাইজক এই স্বৈৰাচাৰী চৰকাৰখনক ওফৰাবলৈ আহ্বান জনালে কংগ্ৰেছ নেতৃবৃন্দই । বিজেপিৰ শাসনত অসম খনক বিক্ৰী কৰা হল বুলিও মন্তব্য কৰে ৰিপুণ বৰাই । এই বাৰ্তা সমগ্ৰ অসম জুৰি প্ৰেৰন কৰাৰ উদ্দেশ্যে আটাই কেইগৰাকী কংগ্ৰেছৰ নেতাই বটদ্ৰৱাৰ পৰা নগাওঁ অভিমূখে বাচ যাত্ৰা আৰম্ভ কৰে । বটদ্ৰৱা থানৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ আগতে এই যাত্ৰা অকল ৰাজনৈতিক যাত্ৰা নহয়, এই যাত্ৰাই অসমৰ সকলো জনসাধাৰণৰ দুখ দুৰ্দশাৰ বুজ লবলৈ পবিত্ৰ বটদ্ৰৱা থানৰ পৰা গুৰুজনাৰ আশীষ লৈ যাত্ৰা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।
👉 ধিঙৰ পৰা ছাইদুল ইছলাম TIMES GUWAHATI.