" কোন এই সত্যৰঞ্জন? আমাৰটো কোনো সত্যৰঞ্জন নাই? কোনোবাই নিজকে বিজেপি বুলি কলেই বিজেপি হ'ব নেকি?

কোন এই সত্যৰঞ্জন? আমাৰটো কোনো সত্যৰঞ্জন নাই? কোনোবাই নিজকে বিজেপি বুলি কলেই বিজেপি হ'ব নেকি?

 

BJP satyaranjan bora

সত্যৰঞ্জন বৰা, সদা বিতৰ্কত থকা এটা চিনাকী মুখ

প্ৰত্যেক দিনাই এটা নহয় এটা বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাই যাৰ কাম। শয়নে সপোনে সৰ্ব্বক্ষণে কেৱল ইছলাম, ক্বোৰআন, মুছলমানৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি হিৰোৰ হোৱাই যাৰ সপোন। নেতা-মন্ত্ৰী হোৱাৰো আছে তেওঁৰ মনোবাসনা, সেই গৰাকী সত্যৰঞ্জন বৰাক চিনি নোপোৱা মানুহ বোধহয় অসমত নুলাব। পিছে সেইজন সত্যৰঞ্জন বৰাক হলে চিনি নাপায় ৰঞ্জিত দাসে। ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে চিনি নোপোৱা লোকৰ তালিকাত আছে বহুবল্কী নেতা সত্যৰঞ্জন বৰা। কথাষাৰ শুনি আচৰিত লাগিলেও এয়াই সচা যে, উগ্ৰ সাম্প্ৰদায়িক নেতা সত্যৰঞ্জন বৰাক চিনি নাপায় বিজেপিৰ সভাপতি গৰাকীয়ে, এই কথা নিজেই প্ৰকাশ কৰিছে ৰঞ্জিত দাসে।

ইছলাম, ক্বোৰআন আৰু মুছলমানৰ উদেশ্য নানা ধৰণৰ কটু মন্তব্য কৰি ফুৰা সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত সভাপতি ৰঞ্জিত দাসে কয় যে, কোন এই সত্যৰঞ্জন? আমাৰটো কোনো সত্যৰঞ্জন নাই? কোনোবাই নিজকে বিজেপি বুলি কলেই বিজেপি হ'ব নেকি? তেওঁতো বিজেপিৰ কোনো দায়িত্বত নাই। আমাৰ সদস্য হ'ব পাৰে। আজিটো বিজেপিৰ ৪২ লাখ অনলাইন সদস্য আছে। আন ৰেজিষ্টাৰ্ড আছে ৮ লাখ সদস্য। এইসকল সদস্যই কি কয় নকয়, সেয়া আমাৰ ৰেচপনচিৱিলিটীত নাই। আমাৰ দলীয় কাৰ্যকৰ্তাই কিবা কথা ক'লেহে সেয়া দলৰ কথা হয়।'

ইফালে বিজেপি দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা সত্যৰঞ্জন বৰাক এজন সুলেখক আখ্যা দিয়ে। কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল, এতিয়া পৰ্যায়ক্ৰমে সত্যৰঞ্জন বৰা বুলা বিতৰ্কিত নেতাজন এঘৰীয়া হবলৈ গৈ আছে। শংকৰ-আজানৰ মিলনভূমি এয়া তেনেই স্বাভাৱিক। সাম্প্ৰদায়িক সম্প্ৰীতিৰ এইখন অসমত কোনো কালেই সাম্প্ৰদায়িকতাবাদৰ স্হান নাছিল আজিওঁ নাই। তাহানি জুগৰ পৰা সমিলমিলৰে বসবাস কৰি অহা হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া মিলাপ্ৰীতিত যিয়েই বাধা হৈ থিয় দিছে সিয়েই এঘৰীয়া হৈছে। আজি সত্যৰঞ্জন বৰাৰ ক্ষেত্ৰতো একেই দশা হবলৈ ধৰিছে।—

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদ

Post a Comment

Previous Post Next Post

People Like