" মুকলিৰ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে Google playstore ত এক নিযুত সংখ্যক ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিলে FAUG শীৰ্ষক মোবাইল গেমিং এপ

মুকলিৰ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে Google playstore ত এক নিযুত সংখ্যক ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিলে FAUG শীৰ্ষক মোবাইল গেমিং এপ

FAUG Download


মুকলিৰ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে Google playstore ত এক নিযুত সংখ্যক ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিলে FAUG শীৰ্ষক মোবাইল গেমিং এপ।(Gaming App)

গণতন্ত্ৰ দিৱসৰ শুভক্ষণত বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে উন্মোচন কৰে পাবজিৰ (Pubg) দেশীয় সংস্কৰণ 'ফৌজী' (FAUG) নামৰ এই বিশেষ Gaming App টো ।

অভিনেতা অক্ষয় কুমাৰে বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত এই Gaming Appৰ মুক্তিৰ সন্দৰ্ভত ঘোষণা কৰিছিল আৰু সেই অনুসৰি তাৰকা অভিনেতাজনক গণতন্ত্ৰ দিৱসৰ দিনটোত FAUG ৰ উন্মোচনী অনুষ্ঠানত দেখা পোৱা যায়। ভাৰতবৰ্ষত যোৱা মঙলবাৰে ফৌজীৰ শুভ উন্মোচনী কাৰ্যসূচী ৰুপায়ণ কৰা হয়। অভিনেতাজনে এই গেমিং এপটোৰ ডাউনলোড লিংকটো চচিয়েল মিডিয়াত ভাগবাটোৱাৰা কৰি সকলোকে আশ্চৰ্যান্বিত কৰি তোলে। 

FAUG Mobile Launch: How to Download FAUG Game,

'ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা দেশখনৰ প্ৰতিৰক্ষা, সুৰক্ষা আৰু আইন-শৃংখলা ৰক্ষাৰ বাবে ক্ষতিকাৰক"- এই যুক্তিৰ গাত ভেজা দি বিগত বৰ্ষত কেন্দ্ৰস্থ চৰকাৰখনে জনপ্ৰিয় মোবাইল গেম 'PUBG'ৰ লগতে শতাধিক অন্যান্য চীনা এপ দেশখনত নিষিদ্ধ কৰিছিল। তেনে এক প্ৰেক্ষাপটতেই অভিনেতা অক্ষয় কুমাৰে কোটিৰো অধিক PUBG অনুৰাগীসকলৰ দুখৰ অৱসান ঘটাবলৈ এই নতুন গেমিং এপটোৰ মুক্তিৰ বিষয়ে কৰা ঘোষণাই স্বাভাৱিকতেই উৎসাহিত কৰিছিল দেশবাসীক, বিশেষকৈ যুৱপ্ৰজন্মক আৰু পৰৱৰ্তী সময়ত এইদৰে বহুপ্ৰতীক্ষাৰ অন্তত সকলোৰে প্ৰত্যাশিত ফৌজী গেমিং এপ মুকলি হয়। 

FAUG Mobile Launch: How to Download FAUG Game,


টুইটাৰযোগে 'ফৌজী'ৰ ডাউনলোড লিংক ভাগবাটোৱাৰা কৰি অক্ষয়ে লিখে যে-"শত্ৰুৰ সন্মুখীন হওক। দেশৰ বাবে যুঁজিবলৈ জপিয়াই পৰক তথা ৰাষ্ট্ৰীয় পতাকাৰ গৰিমা-মৰ্যাদা সুৰক্ষিত কৰক। ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় গেম- নিৰ্ভীক আৰু সংঘৱদ্ধ প্ৰহৰী: ফৌজী এতিয়া আপোনালোকৰ মাজত। আজিৰ পৰাই আৰম্ভ কৰক আপোনাৰ অভিযান।

দেশৰ যুৱপ্ৰজন্মসকলৰ মাজত কেৱল মাত্ৰ এক বিনোদনৰ মাধ্যম হিচাপেই যে এই গেমিং এপটো প্ৰচলিত হ'ব তেনে নহয়, বিনোদনৰ সমান্তৰালভাৱে এই খেলবিধে দেশখনৰ যুৱশক্তিক প্ৰদান কৰিব দেশৰ সেনাজোৱানসকলৰ বীৰত্বৰ গাথাৰ শিক্ষণ। ইয়াৰ লগতে আন এক অতি গুৰুত্বপূৰ্ণ বিষয় এয়ে যে এই গেমিং এপটোৰ পৰা আহৰণ হ'বলগীয়া লাভাংশৰ ২০ শতাংশ 'ভাৰতৰ বীৰ' ন্যাসপুজিলৈ অনুদান হিচাপে আগবঢ়োৱা হ'ব। 'ভাৰতৰ বীৰ' শীৰ্ষক এই ন্যাসপূজিৰ মূল লক্ষ্য হৈছে দেশৰ স্বহীদ পৰিয়ালসমূহলৈ আৰ্থিকভাৱে সাহাৰ্য্য আগবঢ়োৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'আত্মনিৰ্ভৰশীল ভাৰত' শীৰ্ষক ধাৰণাৰ অনুকৰণত অক্ষয় কুমাৰে বহুপূৰ্বেই এই বিশেষ গেমটো প্ৰস্তুতকৰণৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। 

গণতন্ত্ৰ দিৱসৰ দিনটোত মুকলি হোৱাৰ পিছত এই গেম এতিয়া Google playstore ত দেশবাসীৰ বাবে উপলব্ধ আৰু সকলোৱে এতিয়া এই গেম প্ৰত্যক্ষভাৱে ডাউনলোড কৰিব পাৰিব। শেহতীয়াভাৱে আহি পৰা বাৰ্তা অনুসৰি এই গেমিং এপটো ইতিমধ্যে মুক্তিৰ কেৱল মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতেই এক মিলিয়ন ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিছে। মুঠতে নতুনকৈ মুক্তিপ্ৰাপ্ত এই বিশেষ Gaming App টোৱে এতিয়া দেশৰ সৰ্বত্ৰ অতি উৎসাহজনক সহাঁৰি লভিবলৈ সক্ষম হৈছে।

Post a Comment

Previous Post Next Post

People Like