" এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গল অন্য যুৱকলৈ : Woman run away from nagaon

এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গল অন্য যুৱকলৈ : Woman run away from nagaon

Woman run away from nagaon

Times Guwahati :-এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গল অন্য যুৱকলৈ । মাতৃক ঘুৰি আহিবলৈ আকুল  আহ্বান দেৱশিশুৰ ।

বিজ্ঞান প্রযুক্তি বিদ্যাৰ যুগত মবাইল ফোন খুবেই জৰুৰী । কিন্তু এই মবাইল ফোনৰ জৰিয়তে ধ্বংসৰ গৰাহত সোমাই পৰিছে একাংশ নৱপ্ৰজন্ম । বাদ পৰি থকা নাই জীয়ৰী বোৱাৰীও । একাংশই সামাজিক মাধ্যমৰ যোগেদি কৰা নিৰ্লজ্জ কৰ্ম কাণ্ডই ভবাই তুলিছে সচেতন মহলক । তেনে এক ঘটনাই সংঘটিত হৈছে নগাঁৱৰ ধিঙত । মাতৃ মমতা ময়ী । কিন্তু আজি আপোনালোকক দেখুৱাব বিচাৰিছো এগৰাকী হৃদয়হীনা মাতৃক ।

Nagaon dhing news

Nagaon girl
Woman run away from Nagaon

 যি গৰাকী মাতৃয়ে 'মা' শব্দক কালিমা সানিছে । লজ্জানত হৈছে নাৰী সমাজ । ধিঙত এগৰাকী বোৱাৰীয়ে তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি পলাই গল সিদ্ধাৰ্থ বৰা নামৰ এজন যুৱকলৈ । লগত লৈ গল নগদ ধনৰ লগতে সোনৰ আ-অলংকাৰ । ঘটনাটো ৯ জানুৱাৰীৰ । পলায় যোৱা মাতৃক বিচাৰি এতিয়া হাহাকাৰ কৰিছে কণমানি পুত্ৰ সন্তানে । দেৱশিশুটিৰ আহ্বান 'মা' তোমালৈ মোৰ বৰকৈ মনত পৰিছে । তুমি ক'ত আছা মোৰ ওচৰলৈ আহা । দেৱশিশুটিৰ আহ্বান শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব । ইফালে স্বামীয়ে পুত্ৰ সন্তানক কোলাত লৈ বিচাৰি ফুৰিছে পত্নীক । উপায়ন্তৰ হৈ কাষ চাপিছে আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ । স্বামীয়েও কান্দি কান্দি অনুৰোধ জনাইছে পত্নীক তুমি ক'ত আছা পুত্ৰৰ মুখলৈ চাই ঘুৰি আহা । পৰ পুৰুষৰ লগত যোৱা এইটোৱে প্ৰথম ঘটনা নহয় । এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে এইখন সমাজত । আচলতে সমাজ কোন দিশে গতি কৰিছে ? পতি পত্নীৰ এই পবিত্র সম্পৰ্কত একাংশই এনেকৈ কালিমা সানিব ধৰা বিষয়টো সচাঁকৈ এক চিন্তনীয় বিষয় হৈ পৰিছে ।

👉 ধিঙৰ পৰা ছাইদুল ইছলাম Times Guwahati

1 Comments

Previous Post Next Post

People Like