বটদ্ৰৱা থানৰ নতুন ৰূপ : কিদৰে সজাব বটদ্ৰৱা থান : চাওক আমোদজনক ফটো

 


বিশ্ব দৰবাৰত জিলিকিব বটদ্ৰৱা থান ।

বটবৃক্ষ সদৃশ 'বটদ্ৰৱা প্ৰকল্প'৷ 

গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজীৰে জাতিষ্কাৰ অসমীয়া জাতিৰ সাংস্কৃতিক ভাৱাদৰ্শ বিশ্বৰ বাবে অনুকৰণীয়৷ শ্ৰীমন্তশঙ্কৰ গুৰুজনাৰ নৱ বৈষ্ণৱ ধৰ্মক প্ৰাণৱন্ত কৰি ৰখা সত্ৰীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে গুৰুজনাৰ হাতৰ পৰশত জীৱন প্ৰাপ্ত 'খোল' 'তাল' 'দবা' 'কাঁহ' আদি দেৱবাদ্য বোৰে৷ এই সম্পদ সমূহ 'বটদ্ৰৱা প্ৰকল্প'ত যুগজয়ী চিহ্ন হিচাপে জিলিকি ৰওক আৰু যুগে যুগে প্ৰতিটো প্ৰজন্মৰ বাবে আমাৰ অপূৰ্ব সংস্কৃতিৰ পৰিচয় প্ৰদান কৰি যাওক এইয়া গুৰুজনাৰ সৃষ্টিক জীয়াই ৰখাৰ আমাৰ অকুণ্ঠ ইচ্ছাৰ প্ৰতিফলন৷ 



batwadawa







'বটদ্ৰৱা' কি ?

'বট'বৃক্ষ আৰু 'দ্ৰৱা'৷ গুৰুজনাৰ জন্মস্থান 'বটদ্ৰৱা'ৰ স্বকীয় পৰিচয় বহন কৰি আহিছে এই বটবৃক্ষৰ প্ৰবাদে ৷ বহুআকাংক্ষিত 'বটদ্ৰৱা প্ৰকল্প'টো বটবৃক্ষৰ আৰ্হিৰে সজাই তুলি গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাবলৈ এই পৰিকল্পনা হাতত লৈছে ।

কি কি চাবলৈ পাব এই প্ৰকল্পত ?

 'বটদ্ৰৱা প্ৰকল্প'ত দৰ্শনাৰ্থীয়ে লাভ কৰিব গুৰুজনাৰ জন্মস্থান আৰু তেখেতৰ অপূৰ্ব সৃষ্টিৰাজীৰ আভাস৷ বটদ্ৰৱা প্ৰকল্পই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়তো পৰ্যটন কেন্দ্ৰ, কলাকেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি যাব৷  ইতিমধ্যে এই প্ৰকল্পৰ বাবে ১৮৮ কোটি টকা আৱন্তন দিছে কেন্দ্ৰীয় চৰকাৰে । 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.