যেতিয়া আপুনি এই লক্ষণ সমূহ দেখিব, তেতিয়া আপুনি বুজিব যে আপোনাৰ Kidney ত পাথৰ হৈছে !
Kidney হৈছে মানুহৰ এনেকুৱা এটা অংগ যিয়ে আমাৰ শৰীৰৰ সকলো লেতেৰা অলাগতীয়াল বোৰ চাফা কৰে । এক বিশেষ গৱেষণা অনুসৰি Kidney হৈছে মানুহৰ শৰীৰৰ এক অতি শক্তিশালী অংগ । কিন্তু বিভিন্ন ক্ষেত্ৰত আমাৰ বিভিন্ন ভুল কাণ্ডৰ বাবে Kidney বেয়া হৈ যায় । ইয়াৰ ভিতৰতে এটা সমস্যা হ'ল Kidney ত হোৱা পাথৰ ।
বিভিন্ন উলত পালত খাদ্য খোৱা আৰু প্ৰয়োজনতকৈ কম পানী খোৱাটো হৈছে পাথৰ হোৱাৰ কাৰণ । শৰীৰত পানীৰ পৰিমাণ কমি থাকিলেই Kidney ত পাথৰ হোৱাৰ মূল কাৰণ সমূহ ।
Kidney এ যেতিয়া তেজক ফিল্টাৰ কৰে , তেতিয়া তাৰ পৰা কেলচিয়াম আৰু ছডিয়ামৰ বাহিৰে অন্য মিনাৰেল সমূহ অতি সূক্ষ্ম কণিকা হিচাপে হৈ মূত্ৰ নলীৰ দ্যাৰা গৈ মূত্ৰাশয়ত পৰেগৈ , যি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। কিন্তু যেতিয়া তেজত এই উপাদান সমূহৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া এইবোৰ Kidney ত জমা হৈ বালিৰ কণিকা বা পাথৰৰ দৰে আকাৰ লয় আৰু ইয়াৰ পৰা মূত্ৰাশয়লৈ প্ৰস্ৰাৱ গৈ পোৱাত বাধাৰ সৃষ্টি হয়। যি টোৰ বাবে আপুনি আপোনাৰ জীৱনো হেৰুৱাব পাৰে ।
পাথৰ হোৱাৰ গভীৰ লক্ষণ
যদি আপোনাৰ পেটৰ বিষ হৈ থাকে আৰু পেটৰ বিষৰ বাবে যদি আপোনাৰ বমিও হৈ আছে ।
Kidney ত পাথৰ হোৱাৰ কাৰণে অসহ্যকৰ পেটৰ বিষ হোৱাৰ সময়ত যদি জ্বৰ হৈ আছে
প্ৰস্ৰাৱৰ লগতে বালিৰ দৰে পদাৰ্থ আহিবলৈ আৰম্ভ হোৱা আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত অতি কষ্ট হোৱা।
যদি সেই পাথৰে আহি Kidney আৰু মূত্ৰাশয়ক সংযোগ কৰা নলীডাল বন্ধ কৰি দিয়ে তেতিয়ালৈ অত্যাধিক বিষ হয় । কোনো কোনো সময়ত পাথৰ পাৰ হৈও যায় কিন্তু তথাপিও বিষ হৈয়েই থাকে । অধিকাংশ সময়ত এই বেমাৰ হলে ইয়াৰ দ্বাৰা স্থায়ী লোকচান নহয় ।
বিষ হোৱাৰ উপৰিও পাথৰৰ কাৰণে প্ৰস্ৰাৱৰ ৰং হালধীয়া বা বিভিন্ন ধৰণৰ হয় আৰু এই প্ৰস্ৰাৱৰ পৰা বেয়া গোন্ধ আহিবলৈ আৰম্ভ হয় ।