খেতিয়ক সকলে পঞ্জাৱত jio ৰ ১৫০০ Tower ধ্বংস কৰি দিলে



দেশৰ কৃষকৰ কথা শুনাৰ সময় নাই চৰকাৰৰ ।

আম্বানীক ধনী কৰাৰ কৌশল কিয় লৈছে চৰকাৰে ?

কিহৰ বাবে কেন্দ্ৰই কৃষকৰ ওপৰত জাপি দিব বিচাৰিছে এই অধিনিয়ম । 

পঞ্জাৱত ৯০০০ Reliance Jio Tower আছে । কেন্দ্ৰই কৃষি অধিনিয়মক বাতিল কৰাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে । তেওঁলোকৰ মতে কেন্দ্ৰীয় চৰকাৰে কৃষকক সহায় কৰাৰ পৰিবৰ্তে Adani & Ambani ৰ দৰে মিলিয়নপতি ব্যৱসায়ীক সহায় কৰিবলৈহে আগবাঢ়িছে । কৃষক সকলে উত্তেজিত হৈ ১৫০০ JIO Tower বন্ধ কৰি দিছে । 

JIO মুখ্য সচিবৰ মতে যিদৰে JIO tower বৰবাদ কৰা হৈছে, বিজুলি কৰ্তন কৰা হৈছে, ইয়াৰ উপৰি জেনেৰেটৰ চুৰি কৰা হৈছে , তাৰ বাবে উচিত সেৱা উপলব্ধ কৰাব পৰাতো সম্ভৱ নহয় ।

কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী জনাই উল্লেখ কৰা মতে তেওঁ কোনো কাৰনতেই এই কাৰ্যক সমৰ্থন নকৰে । অমৰেন্দ্ৰ সিঙে সতৰ্কবানী জাৰি কৰিছে ৰাজ্যৰ প্ৰশাসনে তেওঁলোকৰ ওপৰত তদন্ত কৰিব আৰু দোষীক কঠোৰ শাস্তি বিহিব । ই পঞ্জাৱৰ অৰ্থ ব্যৱস্থাক ক্ষতি কৰি আছে । কোনো ধৰনৰ ব্যক্তিগত সম্পত্তি ধ্বংস কৰিলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । ইতিমধ্যেই আৰক্ষী প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে । কিছুদিন পূৰ্বৰ পৰাই খেতিয়ক সকলে Reliance JIO ৰ ওপৰত নিজৰ ক্ষুভ প্ৰকাশ কৰি আহিছে । Jalandhar ত JIO Fiber ৰ বহু cable জ্বলাই দিছিল কৃষক সকলে । JIO কৰ্মচাৰী সকলকো Office আৰু Tower থকা মাটি এৰি দিবলৈ অনু্ৰূধ জনাইছে । কিন্তু ৰাজ্যচৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈ কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই ।

কিন্তু সোমবাৰে মুখ্যমন্ত্ৰীয়ে কৈছে ছাত্ৰ-ছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰ অধিক লোকচানৰ সন্মোখীন হৈছে । তেনে ক্ষেত্ৰত কোনো কাৰনতে সহ্য কৰা নহব । পৰীক্ষাৰ বাবে ছাত্ৰ - ছাত্ৰী সকলে Online তেই class কৰি আহিছে । এই ক্ষেত্ৰটো খেতিয়ক সকলকে দোষী আৰোপ কৰিছে ৰাজ্য চৰকাৰে । কৃষক আন্দোনৰ সময়ত এনে ব্যক্তিগত সম্পত্তিৰ যদি ক্ষতি কৰে তেন্তে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহন কৰাৰ কথা উল্লেখ কৰিলে । কিন্তু কৃষকৰ কথা শুনাৰ সময় নাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ । কৃষি অধিনিয়ম বাতিল কৰি দেশৰ কৃষক সকলক অন্য দিশত সহায় কৰাৰ কথা কিয় মানি নলয় কেন্দ্ৰই ।

Tags

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.