প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰোঁ‌তেই ৬৫০ মিটাৰ পাহাৰৰ পৰা পৰিল প্ৰেমিকা

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰোঁ‌তেই ৬৫০ মিটাৰ পাহাৰৰ পৰা পৰিল প্ৰেমিকা 

On hearing the proposal of the boyfriend, the girl slipped and fell 650 feet from the mountain


প্ৰেম, প্ৰেম? দুটা আখৰেৰে গঠিত এক মৌতকৈও মিঠা অনুভৱ কৰা এক শব্দ।এই শব্দৰ মায়াজালে কাৰোবাক উপহাৰ দিয়ে উন্নতিৰ জখলা, কাৰোবাক দিয়ে পংগু জীৱন বা কাৰোবাক দিয়ে মৃত্যুৰ বিভীষিকা

প্ৰেমৰ সংজ্ঞা ভিন্নজনে ভিন্নধৰণে দিছে।যিনহ ওক, প্ৰেমক স্বৰ্গীয় অনুভূতি বুলি কোৱা হয়।সেয়া দুখন অন্তৰৰ মিলন; শেষত হয়গৈ বিবাহ প্ৰাৰ্থী আৰু দুয়ো প্ৰেমিক-প্ৰেমীকা বিবাহৰ বান্ধোনত সোমাই নতুন যাত্ৰা আৰম্ভ কৰে !


পিছে কেতিয়াবা প্ৰেমিকে অদ্ভূতধৰণে বিয়াৰ প্ৰস্তাৱ দিয়ে প্ৰেমীকাক য'ত থাকে প্ৰেমৰ উচ্চতম অনুভূতি বা প্ৰেমৰ বৃহত সাফল্যৰ অনুভৱ।সেয়ে, অষ্ট্ৰিয়াৰ এজন ২৭ বছৰীয়া যুৱক।যুৱকজনে হৃদয়ত মেটমৰা অনুভৱ লৈ পাহাৰৰ বৰফৰ শুভ্ৰতা আৰু নিৰ্জনতাৰ গভীৰতাত ৩২ বছৰীয়া প্ৰমীকাক বিয়াৰ প্ৰস্তাৱ দিলে।প্ৰেমীকাৰ হৃদয়খন বুজাব নোৱাৰা অনুভৱেৰে ইমান গধূৰ হৈ পৰিল যে, তাই চিঞৰি চিঞৰি সেই প্ৰস্তাৱৰ সহাৰি দিলে।পিছে নিষ্ঠুৰ সময়ে তাইৰ সীমাহীন অনুভৱৰ বহি:প্ৰকাশ সহিব নোৱাৰিলে।তাই হঠাৎ পিছলি পাহাৰৰ তলত পৰিল। লগে লগে প্ৰেমিকৰ হৃদয়ত লাগি গ'ল কঠোৰতম আঘাত।প্ৰমীকাক পোৱাৰ দুৰ্বাৰ হেপাহে তাক কৰিলে মাত্ৰাধিক্য সাহসী। নিছৰ প্ৰমীকাক হেৰুৱাৰ ভয়ত প্ৰেমীকেও দিলে জাপ।

কোৱা হয় যে, সচা প্ৰেমত ভগবানে সহায় কৰে। হয়, দুয়ো ৬৫০ মিটাৰ তলত পৰে যদিও আৰক্ষীয়ে হেলিকপ্তাৰেৰে উদ্ধাৰ কৰে।আৰক্ষীৰ মতে, দুয়ো বৰফত পৰে কাৰণেই ৰক্ষা পৰে।কথাতে কয়,ৰাখে হৰি মাৰে কোনে।দুয়ো প্ৰেমিক-প্ৰেমীকা যমৰ ঘৰত প্ৰৱেশ কৰিও বাচি গ'ল।

এয়াই প্ৰেম। ই বিশ্ববাসীক দিছে এক নতুন প্ৰেমৰ সংজ্ঞা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.