অভয়াপুৰীৰ Lower Assam Public School ৰ হোষ্টেলত নিশা আৰক্ষীৰ অভিযান । হোষ্টেলৰ কোঠাত অবৈধভাৱে মজুত ৰখা প্ৰায় ছশ কুইণ্টল চাউল জব্দ । অভয়াপুৰীৰ নিকটৱৰ্তী কলবাৰীত মঙলবাৰে নিশা আৰক্ষীয়ে ব্যক্তিগত বিদ্যালয় এখনৰ হোষ্টেলত মজুত ৰখা প্ৰায় বাৰশ বেগ চাউল জব্দ কৰে । প্ৰাপ্ত বাতৰি মতে কলবাৰীৰ ল'ৱাৰ আছাম পাব্লিক স্কুলৰ হোষ্টেল হিচাপে ব্যৱহাৰ কৰা গৃহ এটাত মজুত কৰি ৰখা বাৰশ বেগ চাউল জব্দ কৰে আৰক্ষীয়ে । কাৰ্যবাহী দণ্ডাধীশ শুভম আদিত্য বৰা আৰু বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে সন্ধিয়া ৮ মান বজাত ৰফিকুল ইছলাম নামৰ ব্যক্তিজনৰ মালিকানাধীন গৃহটোত অভিযান চলাই চাউল খিনি জব্দ কৰে।
জব্দ কৰা চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে উক্ত গৃহটো চীল কৰি দিয়াৰ লগতে যোগান বিভাগৰ জৰিয়তে পৰীক্ষা কৰি আজি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে গৃহটোৰ গৰাকী ৰফিকুল ইছলাম সূলভ মূল্যৰ দোকান এখনৰ গৰাকী । মঙলবাৰে নিশাৰ ভাগত আৰক্ষীৰ অভিযান বন্ধ ৰাখি হোষ্টেলত নিশা গাঁৱৰক্ষী বাহিনী আৰু আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা হয় যদিও আজি পুনৰ আৰক্ষীৰ অভিযান চলিব । আৰক্ষীৰ অভিযানৰ সময়ত গৃহটোৰ গৰাকী উপস্থিত নাছিল
অভয়াপুৰীৰ পৰা হিমাংশু দাস