" বিলাহীত বৰবিহ : কেমেৰাৰ সন্মুখতে বিলাহীত প্ৰয়োগ বিষাক্ত ঔষধ ।

বিলাহীত বৰবিহ : কেমেৰাৰ সন্মুখতে বিলাহীত প্ৰয়োগ বিষাক্ত ঔষধ ।

DHING..VEGETABLE v/s HUMAN LIFE.


বজাৰত বৰবিহ । মানৱ জীৱনলৈ ভয়ংকৰ বিপদ । শাক-পাচলিৰ নামত বিহপান সৰ্বসাধাৰণৰ । অন কেমেৰাৰ সন্মুখতে বিলাহী পকাবলৈ প্ৰয়োগ কাৰ্বাইড জাতীয় ইথাৰেল । সকোলোৱে বাবে সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে উপযোগী । চিকিৎসকৰ এই উপদেশবাণী বাণী সকলোৰে জ্ঞাত কিন্তু এই সেউজীয়া শাক-পাচলি সচাকৈয়ে স্বাস্থ্যৰ বাবে উপযোগী হৈ আছেনে ? নে চিকিৎসকৰ উপদেশবাণী এতিয়া অভিশাপ হৈছে ?  আজি আমি দেখুৱাম শাক-পাচলি ক্ৰয়ৰ নামত আপুনি নিতৌ কেনেদৰে কিনিছে বৰবিহ । যি দৃশ্যই চকু কপালত তুলিব আপোনাৰো । এয়া ধিঙৰ চৰাঞ্চলৰ দৃশ্য । ৰ'দ চাই পথাৰত মেলি দিছে শ শ কুইন্টল কেচা বিলাহী । তাৰ পিছতেই এই কেচা বিলাহী পকাবলৈ প্ৰয়োগ কৰা হৈছে কাৰ্বাইড জাতীয় ইথাৰেল । আপুনি দেখা এই কেচা বিলাহী পকিব মাত্র 24 ঘণ্টাৰ ভিতৰতে । আৰু এই বিলাহী এটা দিনৰ ভিতৰতে বজাৰলৈ আহিব আৰু আপুনি মই বেগ ভৰাই সৰবৰাহ কৰিম এই বৰবিহ । এয়া বিলাহী মাথোঁ এটা উদাহৰণ হে । কি আলু, বেঙেনা, ফুলকবি, বন্ধাৃকবি জলকীয়া আদি সকলোতে প্ৰয়োগ কৰা হৈছে বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক জাতীয় ঔষধ । যাৰ ফলস্বৰূপে এতিয়া মানুহৰ শৰীৰত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধি । সময় থাকোতেই সকলো সাৱধান হওক, আপুনি কিনা শাক পাচলি খাদ্যৰ বাবে কিমান উপযোগী সেয়া এশবাৰ ভাবক । অন্যথা যদি সম্ভৱ হয় নিজৰ পৰিয়ালটোৰ হিচাপত নিজেই ঘৰতে উৎপাদন কৰক এইসমূহ শাক পাচলি । নহলে যে এই বৰবিহে সৃষ্টি কৰা ভয়ানক বেমাৰে এদিন বিপদ মাতিব সকলোৰে জীৱনলৈ সেই কথা  স্পষ্ট হৈ পৰিছে । কিন্তু আচৰিত কথাটো হল যে কুম্ভকৰ্ণ নিদ্ৰাত থকা কৃষি বিভাগ বা যোগান বিভাগে কিমান খৱৰ ৰাখিছে এই সম্পৰ্কত ৷ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতহে কিয় টোপনিৰ পৰা সাৰ পায়  সংশ্লিষ্ট চৰকাৰী বিভাগ ৷

ধিঙৰ পৰা সুষুমা খাতুন Times Guwahati

Post a Comment

Previous Post Next Post

People Like