অস্তিত্বৰ সংকটত টীয়কৰ ঐতিহাসিক বাদুলীপুখুৰী

 অস্তিত্বৰ সংকটত টীয়কৰ ঐতিহাসিক বাদুলীপুখুৰী

Teok's historic Badulipukhuri in the crisis of existence


Teok :  1654 চনতে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত বাদুলী বৰফুকনে খন্দাইছিল যোৰহাট জিলাৰ প্ৰথম পুখুৰীটো। প্ৰায় তিনিপুৰা মাটিত খন্দোৱা এই পুখুৰীটো বৰ্তমান অস্তিত্বৰ সংকটত। চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ বাবে নিঃশেষ হবলৈ ধৰিছে এই ৩৭০ বছৰীয়া ৰজাদিনীয়া পুখুৰী । বুৰঞ্জী মতে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ আদেশত যোৰহাটৰ পৰা ৰংপুৰলৈকে চেউনি আলি নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল বাদুলী বৰফুকনক । অসমীয়া সৌয্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ জ্যেষ্ঠ ভাতৃ বাদুলী বৰফুকনে সৈন্য বলৰ সৈতে টীয়কৰ সেই স্থানতে বসতি কৰিবলৈ লৈছিল । সেইসময়তে বনুৱা সকলে খাবৰ বাবে পানীৰ অভাৱ ঘটিলে । বৰফুকনে বনুৱা লগাই চেউনি আলিৰ কাষতে এই বৃহৎ পুখুৰীটো খন্দোৱাই। তেতিয়াৰে পৰা যোৱা নব্বৈ দশকলৈকে সমগ্ৰ অঞ্চলৰ লোক সকলে সেই পুখুৰীৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰিছিল কিন্তু কালক্ৰমত ৰাইজে ব্যৱহাৰ নকৰাৰ বাবে আৰু চৰকাৰৰ অমনোযোগিতাৰ বাবে বিভিন্ন অপতৃণই গা কৰি উঠিল। তাৰোপৰি বিভিন্ন কাৰণত ইয়াৰ পৰিসৰ কমি আহি বৰ্তমান প্ৰায় এবিঘা মান মাটিতহে এই পুখুৰীটোৰ অৱশিষ্ট বাছি আছিল । বৰ্তমান ৰাষ্ট্ৰীয় ঘাই পথ চাৰিলেন পথলৈ উন্নীতকৰণ কৰাৰ বাবে ইয়াৰ অস্তিত্ব প্ৰায় শেষ হওঁ হওঁ। এবাৰো ঘাই পথ প্ৰাধিকৰণক এই ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ বাবে কোনেও আবেদন নজনালে যাৰ ফলত এতিয়া এই কৃতি চিহ্নটি নিঃশেষ হবলৈ ধৰিছে। নিঃশেষ হব ধৰিছে আহোম বুৰঞ্জীৰ এখিলা স্বৰ্ণিল পাট । যি সময়ত অসম চৰকাৰ খনে অসমৰ জাতি মাটি ভেটি আৰু ঐতিহ্য ৰক্ষাৰ বাবে শ্লোগান আওৰাই আহিছে তেনে সময়তে কিন্তু এপদ এপদ কৈ পুৰণি কৃতি চিহ্ন সমূহ শেষ হবলৈ ধৰাটো চৰম পৰিতাপৰ বিষয় । কেতিয়া চকু মেলখাব ৰাজ্য চৰকাৰৰ পুৰাত্বত বিভাগৰ ।  

বিৰাজ বৰা,টীয়ক

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.