চালক অবিহনে উৰিব উৰণীয়া কেডিলেক বাহন । (Flying Cadillac)
CES 2021 ত জেনেৰেল ম'টৰচে প্ৰবৰ্তন কৰিলে এই বাহনখন।
General Motorsয়ে মংগলবাৰে প্ৰৱৰ্তন কৰিলে ভৱিষ্যতৰ উৰণীয়া কেডিলেক ( Cadillac)! এই বাহনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে, এই বাহনখন স্বয়ংক্ৰিয় l সেয়েহে, এই বাহনখন নিজে নিজে ওপৰলৈ উৰা মাৰিব পাৰে আৰু ঠিক তেনেদৰে তললৈ নামিব পাৰে । এই বাহনখনে ৰাজপথৰ ওপৰেদি উৰা মাৰি যাত্রী সকলক বতাহত যাত্রা কৰাব পাৰে।
জেনেৰেল ম'টৰচৰ এজন জেষ্ঠ্য বিষয়াই কয় যে এই বাহনখননে নিজস্ব পৰিবহণ ব্যৱস্থাৰ ভৱিষ্যত নিৰ্ণয় কৰিব।
Flying Cadillac গাড়ীখনৰ গতি
কেৱল এজন যাত্রীহে এই উৰণীয়া গাড়ীখনৰ দ্বাৰা যাত্রা কৰিব পাৰিব। কাৰিকৰী দিশত ইয়াক এনেদৰে প্ৰস্তুত কৰা হৈছে যে ই উৰাজাহাজৰ দৰে উলম্ব দিশেৰে উঠা ন'মা কৰিব পাৰে। এই উৰণীয়া বাহনখনে এটা ওখ অট্টালিকাৰ পৰা আন এটা অট্টালিকালৈ এক ঘণ্টাত প্ৰায় ৫৫ মাইল ( ৮৮.৫ কি:মি:) দ্ৰুত গতিত যাত্রা কৰিব পাৰিব।
Flying Cadillac বাহনখন কেনেকুৱা
ই সম্পূর্ণভাবে স্বয়ংক্ৰিয় আৰু বৈদ্যুতিক বাহন। ইয়াত ব্যৱহাৰ কৰা হৈছে ৯০ কিলোওয়াটৰ মটৰ, GM ৱালটিয়াম বেটাৰী, অত্যাধুনিক কম ওজনৰ অৱয়ব আৰু লগতে চাৰি যোৰা ৰটৰচ। এই উৰণীয়া কেডিলেক মুখ্য কাৰ্য্যনিৰ্বাহক মায়া বাৰাই ভিডিঅ'ৰ যোগেদি প্ৰবৰ্তন কৰে। বাৰাই যোৱা বছৰে জানিব দিছিল যে তেওঁৰ কোম্পানিয়ে বিকল্প যাতায়াত ব্যৱস্থা মাধ্যম হিচাপে নতুন উৰণীয়া টেক্সিৰ উদ্ভাবন কৰিবলৈ গৈ আছে।
CES ত উপস্থাপন
বছৰটোত প্ৰথম বাৰৰ বাবে, বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰযুক্তিবিদ্যাৰ আয়োজন কন্সুমাৰ ইলেকট্রনিক শ্বপচ'ৰ দ্বাৰা সম্পূর্ণ ডিজিটেল মাধ্যমৰ যোগেদি আয়োজন কৰা হয়। উল্লেখ্য যে covid -19 মহামাৰীৰ বাবে ১০০০ কোম্পানিয়ে নিজৰ নিজৰ নতুন আৰু উৎকৃষ্ট উৎপাদনসমূহ আটাইতকৈ ডাঙৰ
অনুষ্ঠান মেটচ-মেড ডিজিটেলত প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শন ১১ ৰ পৰা ১৪ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হব । এই ডিজিটেল কোম্পানিয়ে উৎপাদনসমূহৰ বিষয়ে তথ্যসমূহ ১৫ ফেব্ৰুৱাৰীৰ আগত প্ৰকাশ কৰিব।
উৰণীয়া কেডিলেকৰ Flying Cadillac বিশেষত্ব কি হ'ব
চি, ই, এছ (CES) ত দেখুওৱা ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি দেখুওৱাৰ দৰে কেডিলেক শ্বটল অতি সোনকালে আহি আছে। ইয়াৰ ডিজাইন বক্সি বৰ্ণছায়াৰ দৰে কৰা হৈছে আৰু এই ডিজাইন কৰোঁতে নৌকাবিলাসৰ আৰ্হি অনুকৰণ কৰা হৈছে। ইয়াৰ আগফাল আৰু পাছফালে আছে চোঁচনি-দুৱাৰ আৰু আছে কাচৰ মনোৰম চালি, যিয়ে ইয়াক অধিক মনোমোহা কৰি তুলিছে।
বাহনখনৰ কেবিনটো চাৰিওফালে আগুৰা হৈ আছে আৰু লগতে বহিব পৰা ধুনীয়া ব্যৱস্থা ৰখা হৈছে। ইয়াত আছে বায়'মেট্ৰিক সংবেদক, কন্ঠ নিয়ন্ত্রক, হাতৰ ভংগী স্বীকৃতি ইত্যাদিৰ দৰে সুবিধা।
জেনেৰেল ম'টৰচে উল্লেখিত তথ্য দিয়াৰ বিপৰীতে ইয়াতকৈ অধিক তথ্য দিবলৈ অমান্তি হৈছে।