পেট্ৰল আৰু ডিজেলৰ বাবে আপুনি কিমান কৰ পৰিশোধ কৰে জানেনে? petrol, diesel price today

 পেট্ৰল আৰু ডিজেলৰ বাবে আপুনি কিমান কৰ পৰিশোধ কৰে জানেনে? এক সংশিপ্ত বিশ্লেষণ

orginal petrol diseal price


আজি দিল্লী মহানগৰীত প্ৰতি লিটাৰ পেট্রলৰ মূল্য সৰ্বোচ্চতম ₹৮৪.৭০ আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ₹৭৪.৮৮ স্পৰ্শ কৰে


কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে পেট্রল আৰু ডিজেলৰ ওপৰত বলৱৎ কৰা কৰৰ বাবে ঘৰুৱা বজাৰত মটৰ ইন্ধনৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ বাতৰিয়ে পুনৰবাৰ  শিৰোনামা দখল কৰিছে। ওৰে ৰাতিৰ ভিতৰতে প্ৰতি লিটাৰত ২৫ পইচাকৈ মূল্য বৃদ্ধি হোৱাৰ বাবে আজি দিল্লী মহানগৰীত প্ৰতি লিটাৰ পেট্রলৰ বিক্ৰী মূল্য সৰ্বোচ্চতম ₹৮৪.৭০ আৰু  প্ৰতি লিটাৰ ডিজেলৰ বিক্ৰী মূল্য ₹৭৪.৮৮ স্পৰ্শ কৰে । ভাৰতীয় বজাৰত পেট্ৰল আৰু ডিজেলৰ মূল্য ইয়াৰ ওপৰত প্ৰয়োগ হোৱা ৰাজহৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীৰ দাম, টকা আৰু ডলাৰৰ বিনিময় হাৰৰ লগতে অন্যান্য কাৰণ যেনে ব্যৱসায়িক লাভাংশ তথা সামগ্ৰীৰ ভাৰাৰ ওপৰতো নিৰ্ভৰ কৰে । উল্লেখনীয় যে, পেট্ৰল আৰু ডিজেলৰ দাম মালবস্তু আৰু সেৱা কৰ ( জিএচটি) ৰ অন্তৰ্ভুক্ত নহয় অৰ্থাৎ মটৰ ইন্ধনৰ ওপৰত জিএচটি কৰ আৰোপ নহয়। 

 

ভাৰতীয় তৈল নিগমৰ ৱেবছাইট অনুসৰি, পহিলা জানুৱাৰীত প্ৰতি লিটাৰ পেট্রলৰ আধাৰ মূল্য আছিল ₹২৭.৩৭ । ₹০.৩৭ কৈ  সামগ্ৰীৰ শুল্ক সামৰি লোৱাত প্ৰতি পেট্ৰলৰ মুঠ আধাৰ মূল্য ( আবকাৰী আৰু মূল্য সংযোজিত কৰ বৰ্জন কৰি) আছিল ₹২৭.৭৪ । প্ৰতি লিটাৰত ₹৩২.৯৮ উৎপাদন শুল্ক, ₹৩.৬৭ ব্যৱসায়িক লাভাংশ আৰু ₹১৯.৩২ মূল্য সংযোজিত কৰ আৰোপ কৰাত দিল্লী মহানগৰীত উল্লেখনীয় দিনটোত প্ৰতি লিটাৰ পেট্রলৰ বিক্ৰী মূল্য আছিল ₹৮৩.৭১ ।


আনহাতে, ভাৰতীয় তৈল নিগমৰ ৱেবছাইটৰ তথ্যমতে,পহিলা জানুৱাৰীত প্ৰতি লিটাৰ ডিজেলৰ আধাৰ মূল্য আছিল ₹২৮.৩২ । প্ৰতি লিটাৰত ₹০.৩৪ সামগ্ৰীৰ শুল্ক, ₹৩১.৩৪ উৎপাদন শুল্ক, ₹২.৫৩ ব্যৱসায়িক লাভাংশ আৰু ₹১০.৮৫ মূল্য সংযোজিত কৰ অন্তৰ্ভুক্ত কৰাত পহিলা জানুৱাৰীত প্ৰতি লিটাৰ ডিজেলৰ বিক্ৰী মূল্য আছিল ₹৭৩.৮৭ ।


উল্লেখযোগ্য যে, কৰ'নাৰ বাবে বলৱৎ কৰা লʼকডাউনৰ অন্তত দেশত অৰ্থনৈতিক গতিবিধি তথা যাতায়তৰ চাহিদা বৃদ্ধি পোৱাত ডিচেম্বৰ মাহত মটৰ ইন্ধনৰ ব্যৱহাৰ এক চতুৰ্থাংশলৈ বৃদ্ধি পায় ।


আনহাতে, পেট্রল আৰু ডিজেলৰ মূল্য দৈনিক আধাৰত আন্তঃৰাষ্ট্ৰীয় মূল্য তথা বিদেশী বিনিময় হাৰক মাপকাঠি হিচাপে লৈ আৰু তাৰ সৈতে সংগতি ৰাখি সংশোধন কৰা হʼব ।


কেন্দ্ৰীয় চৰকাৰে কৰʼনাৰ সৈতে অব্যাহত থকা যুঁজৰ ব্যয় বহন কৰিবলৈ মাৰ্চ,২০২০ আৰু মে', ২০২০ ত দুই দফাত প্ৰতি লিটাৰ ডিজেলৰ মূল্যত ₹১৩ আৰু প্ৰতি লিটাৰ পেট্রলৰ মূল্যত ₹১৫ কৈ উৎপাদন শুল্ক বৃদ্ধি কৰে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.