বটদ্ৰৱাত দেৰ কুৰি সমৰ্থকেৰে ঠেলি ঠেলি চাইকেল ৰেলী কংগ্ৰেছৰ ৷

বটদ্ৰৱাত দেৰ কুৰি সমৰ্থকেৰে ঠেলি ঠেলি চাইকেল ৰেলী কংগ্ৰেছৰ ৷


বটদ্ৰৱাত দেৰ কুৰি সমৰ্থকেৰে ঠেলি ঠেলি চাইকেল ৰেলী কংগ্ৰেছৰ ৷

"আদাক  দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা" ৷ তেনে অৱস্থাই এতিয়া দেখিবলৈ পোৱা গৈছে বটদ্ৰৱা কংগ্ৰেছত ৷ ড: হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী দেখি যেন ৰ'ব নোৱাৰা হৈছে কংগ্ৰেছ দল।এয়া , বটদ্ৰৱা ৰাজীৱ ভৱনৰ পৰা দেৰকুৰি সমৰ্থকক লগত লৈ কংগ্ৰেছে উলিওৱা চাইকেল ৰেলীৰ দৃশ্য  ৷  চাইকেল চলাই নহয় চাইকেল ঠেলি ঠেলিহে কৰিছে ৰেলী।য'ত ভাগ লৈছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই ৷ 

বটদ্ৰৱাত দেৰ কুৰি সমৰ্থকেৰে ঠেলি ঠেলি চাইকেল ৰেলী কংগ্ৰেছৰ ৷

নাও বুৰিলেও টিঙৰ পৰা  নমনা  কংগ্ৰেছৰ এইসকল নেতাই ২০২১ ৰ নিৰ্বাচনত বটদ্ৰৱা সমষ্টিক লৈ কিন্তু ২০০ শতাংশ নিশ্চিত ৷ তেওঁলোকৰ কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত দখল কৰিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টি ৷ কিন্তু সময়েহে উত্তৰ দিব মুষ্টিমেয় এইসকল সমৰ্থকক লগত লৈ কেনেদৰে ৰুধিব বিৰোধীক ৷ অপেক্ষা মাথো নিৰ্বাচনলৈ  !উল্লেখ্য যে গৌতম বৰা আৰু শিবামনি বৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী।

 ধিঙৰ পৰা ছাইদুল ইছলাম TIMES GUWAHATI

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.