PNB বেংকৰ গ্ৰাহকৰ বাবে অতি গুৰুত্বপূৰ্ণ খৱৰ Important notice for PNB customer

PNB বেংকৰ গ্ৰাহকৰ বাবে অতি গুৰুত্বপূৰ্ণ খৱৰ, আপোনালোকে ১ ফেব্ৰুৱাৰীৰ পৰা এই কেইটা ATM ৰ পৰা টকা উলিয়াব নোৱাৰি‌ব ।

Important notice for PNB customer


Punjab National bank ৰ গ্ৰাহকসকলে ১ ফেব্ৰুৱাৰী, ২০২১ বৰ্ষৰ পৰা EVM বিহীন ATM মেচিন সমূহৰ পৰা নিজৰ টকা উলিয়াব নোৱাৰি‌ব।

সমগ্ৰ দেশজুৰি বৰ্দ্ধিত এটিএমৰ ক্ষেত্ৰত ঘটা প্ৰৱঞ্চনামূলক ঘটনাসমূহ ৰোধ কৰিবলৈ পঞ্জাৱ নেছনেল বেংক চমুকৈ PNBয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যদিহে আপোনাৰো PNB ত কোনো একাউণ্ট আছে, তেনেহলে এইটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় খবৰ। PNBৰ গ্ৰাহকসকলে ১ ফেব্ৰুৱাৰী, ২০২১ বৰ্ষৰ পৰা EVM বিহীন এটিএম মেচিন সমূহৰ পৰা নিজৰ টকা উলিয়াব নোৱাৰি‌ব। PNBৰ কৰ্তৃপক্ষই এই বিষয়ে নিজৰ আনুষ্ঠানিক টুইটাৰ হেণ্ডেলত তথ্য আগবঢ়াইছে।

বেংক কৰ্তৃপক্ষ অনুসৰি বৰ্দ্ধিত ঠগ প্ৰৱঞ্চনাৰ ঘটনাসমূহৰ বাবেই পিএনবিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ গ্ৰাহকৰ অৰ্থ নিৰাপদে থাকে। ফেব্ৰুৱাৰী ১ তাৰিখৰ পৰা গ্ৰাহকসকলে EVM বিহীন ATMসমূহৰ পৰা কোনো ধৰণৰ আৰ্থিক বা অনাৰ্থিক লেনদেন কৰিব নোৱাৰিব।

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ইভিএম বিহীন এ‌টিএম হৈছে সেইসমূহ এটিএম য'ত লেনদেনৰ সময়ত কাৰ্ডৰ ব্যৱহাৰ কৰা নহয়। এই মেচিনত গ্ৰাহকৰ তথ্য এটুকুৰা চুম্বকীয় অংশৰ দ্বাৰা পঢ়া হয়। তাৰোপৰি EVM যুক্ত ATM ত কাৰ্ডখন কিছু মূহুৰ্তৰ বাবে আবদ্ধ হৈ পৰে।

এটা গুৰুত্বপূৰ্ণ কথা এই যে, পঞ্জাৱ নেছনেল বেংক (পিএনবি) য়ে পিএনবিওৱান (PNBOne) এপটোৰ‌ জৰিয়তে  ইয়াৰ গ্ৰাহকসকলে তেও‌ঁলোকৰ  এটিএম ডেবিট্ কাৰ্ডসমূহ অন্/অফ্ কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে আপোনালোকৰ একাউণ্টত  জমা ৰখা ধন নিৰাপদে থাকিব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.