পিতৃ-মাতৃ তথা অভিভাৱক সাৱধান হওক, স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰে আত্মহত্যাৰ প্ৰবনতা বৃদ্ধি কৰিব পাৰে আপোনাৰ সন্তানৰ ! Smartphoneৰ ব্যৱহাৰে আত্মহত্যাৰ প্ৰবনতাও বৃদ্ধি কৰিব পাৰে :
আজিকালিৰ শিশু আৰু কিশোৰ সকলে অত্যাধিক সময় মোবাইলতেই ব্যস্ত হৈ থাকে। অত্যাধিক সময় মোবাইলৰ লগত জড়িত হৈ থকাৰ ফলত আজিৰ প্ৰজন্মৰ মাজত বিভিন্ন ৰোগ বিয়পি পৰা দেখা পোৱা যায়। যি সকল ব্যক্তি বেছিভাগ সময় মোবাইল অথবা অন্য বৈদ্যুতিক উপকৰণৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ কাৰণে এই খবৰ এক বৃহৎ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। এক গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি অত্যাধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰা শিশু বিষন্নতা আৰু বিষাদগ্ৰস্ততা (depression) ৰ চিকাৰ হোৱাৰ লগতে সেইসকলৰ মনত আত্মহত্যা কৰাৰ প্ৰবনতাও বৃদ্ধি পায়।
আমেৰিকাস্হিত ফ্লৰিডা ষ্টেট ইউনিভাৰচিটি ( Florida State University) ৰ অধ্যাপক আৰু সহ গৱেষণা লেখক থামচ জাইনৰে উল্লেখ কৰিছিল যে, আধুনিক সময়ত শিশু আৰু কিশোৰৰ দ্বাৰা অত্যাধিক বৈদুতিক পৰ্দা( screen) ৰ ব্যবহাৰে তেওঁলোকৰ মাজত হতাশা, বিষাদগ্ৰস্ততা আৰু আত্মহত্যাৰ প্ৰবনতাৰ দৰে বিপদক বৃদ্ধি কৰাত অৰিহণা যোগাই। আনহাতে, ক্লিনিকেল চাইক'লজিকেল চাইন্স (Clinical Physiological Science) ৰ দ্বাৰা প্ৰকাশিত এক গৱেষণা পত্ৰৰ তথ্য অনুসৰি যি সকল শিশুৱে মোবাইলৰ সলনি খেলা-ধুলা, অন্য শাৰীৰিক গতিবিধি আৰু সমনীয়াৰ লগত বাৰ্তালাপৰ লগতে ঘৰুৱা অধ্যয়নত গুৰুত্ব দিয়ে; সেইসকল শিশু বেছি সুখী হৈ থাকে।
জাইনৰে লগতে কয় যে," বৈদ্যুতিক পৰ্দাৰ অত্যাধিক ব্যবহাৰ আৰু আত্মহত্যাৰ দৰে বিপদ, বিষাদগ্ৰস্ততাৰ চিকাৰ হোৱা, আত্মহত্যাৰ দৰে ভাবনা মনলৈ অহা তথা আত্মহত্যাৰ চেষ্টা কৰাৰ মাজত চিন্তাজনক সম্বন্ধ দেখা যায়। এই সকলোবোৰ মানসিক স্বাস্থ্যৰ লগত জড়িত বিষয় অত্যাধিক গুৰুত্বপূৰ্ণ। মোৰ উপলব্ধিৰ মতে অভিভাৱক সকলে এনে বিষয়ৰ ওপৰত বিচাৰ কৰিব লাগে।"
জাইনৰে এইটোৱো উল্লেখ কৰে যে অভিভাৱক সকলে তেওঁলোকৰ সন্তানক স্মাৰ্টফোন আৰু অন্য বৈদ্যুতিক উপকৰণ ব্যৱহাৰ কৰাৰ পৰা একেবাৰেই দুৰ কৰি ৰখাৰ কথাও ভাবিব নালাগে। কিন্তু অভিভাৱকে তেওঁলোকৰ সন্তানক এইবোৰ ব্যৱহাৰ কৰাৰ অনুমতি দৈনিক একৰ পৰা দুই ঘন্টালৈ সীমিত কৰিব লাগে। তেওঁ লগতে উল্লেখ কৰে যে, শিশু সকলক একেবাৰেই বৈদুতিক উপকৰণ ব্যৱহাৰত বাধা দিয়াটো কোনোপধ্যেই বাস্তৱিক আৰু শুদ্ধ নহয়।
আমেৰিকাৰ চেন্টাৰ ফ'ৰ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেন্সন (Centers For Disease Control And Prevention) চমুকৈ CDC ৰ তথ্য অনুসৰি ২০১০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ১৩ ৰ পৰা ১৮ বছৰীয়া কিশোৰৰ মাজত হতাশা আৰু আত্মহত্যাৰ পৰিমাণ প্ৰায় ৩১ শতাংশ বৃদ্ধি হয়। আন্যহাতে, আমেৰিকাৰ ৰাষ্ট্ৰীয় সৰ্বেক্ষণত এইটো পোহৰলৈ আহে যে বৈদুতিক উপকৰণ ব্যৱহাৰ কৰা শিশু আৰু কিশোৰৰ মাজত হতাশাগ্ৰস্ততাৰ চিকাৰ হোৱা আপত্তিৰ সংখ্যাত মুঠ ৩৫ শতাংশৰ বৃদ্ধি পৰিলক্ষিত হয়।
২০১০ চনৰ পিছৰ পৰা স্মাৰ্টফোনৰ সংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে শিশু আৰু কিশোৰৰ মাজত মানসিক সমস্যাও অত্যাধিক বৃদ্ধি হৈছে। ২০১২ চনত প্ৰায় আধা সংখ্যক অৰ্থাৎ ৫০ শতাংশ আমেৰিকান নাগৰিকৰ হাতত স্মাৰ্টফোন আছিল; যি পৰিমাণ ২০১৫ চনত ৯২ শতাংশলৈ বৃদ্ধি পায়। ইয়াৰোপৰি বিগত সময়ত শিশু আৰু কিশোৰৰ বৈদুতিক পৰ্দা ব্যৱহাৰ কৰা সময়ৰ পৰিমাণৰ ক্ষেত্ৰতো অভূতপূৰ্ব বৃদ্ধি পৰিলক্ষিত হৈছে। গৱেষকসকলে প্ৰমাণ কৰি উলিয়াইছে যে, দৈনিক পাঁচ বা তাতকৈ অধিক সময় বৈদুতিক উপকৰণৰ লগত জড়িত হৈ থকা কিশোৰৰ ভিতৰত ৪৮ শতাংশৰ মাজতেই আত্মহত্যাৰ কৰাৰ প্ৰবনতা বিভিন্ন লক্ষণ দেখিবলৈ পোৱা যায়। সেয়েহে বৈদুতিক উপকৰণ ব্যৱহাৰ সাৱধানতাৰে কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।