১৯ বছৰীয়া এগৰাকী কন্যা এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত : 19-Year-Old Becomes Chief Minister For A Day

19-Year-Old Becomes Chief Minister For A Day


সৃষ্টি গোস্বামীযে সংবাদ মাধ্যমত কয়" ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত মোক এগৰাকী মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা প্ৰদান কৰা বাবে মই অতিশয় আনন্দিত" সৃষ্টি গোস্বামীক  এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী  অভিহিত কৰা হৈছিল।

সৃষ্টি গোস্বামী, এগৰাকী ১৯ বছৰীয়া ছোৱালী, যাক যোৱা দেওবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰা হয়। এইক্ষেত্ৰত সৃষ্টি গোস্বামীৰ অভিভাৱকে সংবাদ মাধ্যম ত কয়, "আজি আমি যথেষ্ঠ গৌৰাম্বিত। প্ৰতি গৰাকী ছোৱালীয়েই এনে ধৰণৰ মাইলৰ খুটিত উপনীত হব পাৰিব, মাত্ৰ আমি তেওঁলোকক সমৰ্থন কৰা দৰকাৰ। আমাৰ সন্তানক এই কামৰ বাবে নিৰ্বাচিত কৰা বাবে আমি চৰকাৰক  আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"

"বৰ্তমান সময়ত আপোনাৰ কন্যা সন্তানক  সহযোগ কৰিবলৈ কেতিয়াও পিছ নোহোকিব,ছোৱালীয়ে সকলো আয়ত্ব কৰিব পাৰে। এইটো এটা সকলোৰে বাবে উদাহৰণ হওঁক। তাই যদি এনে এক পদত অধিষ্ঠিত হব পাৰে, তেনে হলে আন ছোৱালীও এই কাম কৰিবৰ বাবে সক্ষম। সৃষ্টিক এই সুবিধা প্ৰদান কৰা বাবে আমি তৃভান্দ্ৰ সিং ৰাৱাতৰ ওচৰত কৃতজ্ঞ।" এই কথা কয় সৃষ্টি গোস্বামীৰ পিতৃ প্ৰবীণ পুৰীয়ে।

এই অভিজ্ঞতা ব্যক্ত কৰি সৃষ্টি গোস্বামীয়ে ANI ৰ আগত কয়," মই অত্যন্ত সুখী, যে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত মই মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পালোঁ।তাৰ বাবে মই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে, মই বিভিন্ন বিভাগলৈ যাম আৰু তেওঁলোকক মোৰ  পৰামৰ্শ প্ৰদান কৰিম। মোৰ পৰামৰ্শ হব , ছোৱালী   কেন্দ্ৰিক বিভিন্ন সমস্যা।"

 উল্লেখযোগ্য যে ভাৰত চৰকাৰে যোৱা ২০০৮ বৰ্ষত  জানুৱাৰী মাহৰ ২৪ তাৰিখটিত প্ৰতি বছৰে  ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰাৰ কথা  ঘোষণা কৰিছে, যাৰ উদ্দেশ্যে হৈছে সমাজক কন্যা সন্তানৰ প্ৰতি সচেতন কৰি তেওঁলোকৰ প্ৰতি গুৰুত্ব আৰু সন্মান প্ৰদান কৰিব পৰা যায়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.