এক অতি গৌৰবৰ খবৰ। সেয়া ধিং এক্সপ্ৰেছ হিমা দাস। জাপানৰ টকিঅত ২৩ জুলাইৰপৰা ৮ আগষ্টলৈকে হ'বলগা অলিম্পিকত খেলিবলৈ যোগ্যতা অৰ্জন কৰিলে হিমাই। অবশ্যে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
নতুন বছৰটোত ধিং এক্সপ্রেছ হিমা দাসক লৈ উৎফুল্লিত হিমাৰ পৰিয়াল । অতিকৈ পিছপৰা তথা এখন চুকীয়া গাঁৱৰ পৰা গৈ অলিম্পিকত স্থান লাভ কৰাটো সহজ কথা নহয় বুলিও মন্তব্য হিমা দাসৰ পিতৃ ৰঞ্জিত দাসৰ । ধিং এক্সপ্ৰেছ হিমা দাসে অলিম্পিকত স্থান পোৱাৰ পিছতে পৰিয়ালৰ লোক এতিয়া আনন্দত উৎফুল্লিত । হিমাৰ পিতৃ ৰঞ্জিত দাসে বিচাৰিছে সকলো ৰাইজৰে আৰ্শীবাদ যাতে অলিম্পিকত অংশগ্রহণ কৰি অসম তথা ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিব পাৰে মহাগৌৰৱ ।
ধিঙৰ পৰা সুষুমা খাতুন times Guwahati