অষ্ট্ৰেলিয়াৰ ঋতুয়ে দিব আপোনাৰ মনত এক ভাবৰ ভিন্নতা
ভিন্ন ঋতুত প্ৰকৃতিয়ে ভিন্ন ৰূপেৰে আমাৰ মনত ভিন্ন ভাব জগায়।প্ৰকৃতিয়ে ভিন্ন ঋতুত ভিন্ন আকৰ্ষণেৰে আমাৰ মনত সুন্দৰতাৰ ভাব জগায়।এই ঋতুবোৰ বেলেগ বেলেগ মাহত আহি কবি, গীতিকাৰ, সাহিত্যিক আদিৰ মনত সৃষ্টিৰ পোহৰ দিয়ে।কিন্তু এই ধৰাৰ সকলো ঠাইতে একেটা ঋতু একে মাহতে নাহে।
আজি দিব খুজিছো বিশাল জলৰাশিৰ মাজত থকা এখন বিশাল ঠাইৰ ঋতুৰ বতৰা। সেয়া অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ ঋতুৰ আগমনৰ বিশেষ বতৰা।এই বতৰাই আপোনাক দিব এক বিশেষ সোৱাদ।
আমি ঠাণ্ডা অনুভৱ কৰিলে অষ্ট্ৰেলিয়াবাসীয়ে গৰমহে অনুভৱ কৰে।কথাটো কি?
সেয়া আমি অবুজ ভাষাৰেই মানি লব লগা প্ৰকৃতিৰ নিয়ম।
এতিয়া আচল কথাটো জানো আহক-
বিশাল ঠাইখনৰ উত্তৰ গোলাৰ্ধত ডিচেম্বৰৰপৰা ফেব্ৰুৱাৰীলৈ গ্ৰীষ্ম, মাৰ্চৰপৰা মে'লৈ শৰৎ, জুনৰপৰা আগষ্টলৈ শীত আৰু চেপ্তেম্বৰৰপৰা নৱেম্বৰলৈ বসন্ত ঋতুৰ।সচাকৈ এক ভিন্নতা।
বিশেষভাবে ক'বলৈ গ'লে অষ্ট্ৰেলিয়াৰ ৰাজধানী নগৰবৌৰতেই এনে প্ৰকৃতিৰ নিয়ম বেছিকৈ দেখা যায়।
আচৰিত কথাবোৰ হ'ল-
১। ১ মাৰ্চৰপৰা শৰৎ আৰম্ভ হয়।এই ঋতুতেই আটাইতকৈ বেছি বৰষুণ হয়।
২।চিডনীত গোটেই শৰৎ কালচোৱাত ১২ দিনমানহে বৰষুণ হয়।
৩।অষ্ট্ৰেলিয়াৰ ক্ৰান্তীয় অঞ্চলসমূহত নৱেম্বৰৰপৰা এপ্ৰিলৰ ভিতৰত প্ৰৱল ধুমুহা হয়।
৫।অষ্ট্ৰেলিয়াত সাধাৰণতে জুলাই আৰু আগষ্ট মাহতেই আটাইতকৈ বেছি ঠাণ্ডা হয়
পিছে আপুনি কোন মাহত অষ্ট্ৰেলিয়ালৈ যাবলৈ অনুকূল বতৰ পাব? সেয়া হৈছে ছেপ্তেম্বৰ আৰু অক্টোবৰ।
অৱশ্যে, সাধাৰণতে বিমানৰ ভাড়া আটাইতকৈ কম হয় এপ্ৰিলৰ মাজভাগৰপৰা আগষ্টৰ শেষভাগলৈকে।