এই যাদুকৰী হ্ৰদৰ পানী স্পৰ্শ কৰিলেই শিলাত পৰিণত হয়, ইয়াৰ অন্তৰাল থকা ৰহস্য কি জানোঁ আহক : Magical lake

 

As soon as you touch the water of this magical lake, you become a stone, know the secret behind it

Magical lake :- এই হ্ৰদৰ আশে-পাশে শিলৰ জন্তু আৰু মূৰ্তি আদি পৰি আছে, নেট্ৰন হ্ৰদ এটা ক্ষাৰকীয় পানীৰ হ্ৰদ , যাৰ বাবে জীৱ-জন্তুৰ মৃত শৰীৰ কেইবা বছৰ ধৰি ক্ষয় নোযোৱাকৈ সুৰক্ষিত হৈ থাকে,

নতুন দিল্লী: পৃথিৱীত এনে বহুতো বস্তু আছে যি যথেষ্ট ৰহস্যজনক, যাৰ সম্ভেদ উলিয়াওঁতে বৈজ্ঞানিকসকলো বিপাঙত পৰিছে, এনে এক ৰহস্যজনক হ্ৰদ আছে য'ত যাবলৈ পালে মানুহৰ অন্তৰাত্মা কঁপি উঠে আৰু এই হ্ৰদটো হৈছে উত্তৰ তাঞ্জানিয়াৰ নেট্ৰন হ্ৰদ য'ৰ পানী স্পৰ্শ কৰিলেই মানুহ শিললৈ পৰিণত হয়, ইয়াৰ জীৱিত প্ৰমাণ হৈছে হ্ৰদৰ আশে-পাশে পাথৰৰ ৰূপত পৰি থকা শিলৰ জন্তু আৰু পক্ষীৰ মূৰ্তি আদি যি দেখি আপুনি হতভম্ব হৈ ৰ'ব! এই মূৰ্তিসমূহৰ পাখি পৰ্যন্ত শিলৰ! এই হ্ৰদত এনে কি পৰলোকৰ শক্তি আছে যিয়ে ইয়ালৈ যোৱা সকলোকে পাথৰলৈ পৰিণত কৰে, তাঞ্জানিয়াৰ নেট্ৰন হ্ৰদৰ(Magical lake) পাৰলৈ গ'লে শ শ পক্ষী শিলালৈ পৰিণত হয় যাৰ পাখিৰ পৰা আদি কৰি গাৰ নোম পৰ্যন্ত শিলৰ হৈ পৰিছে| যদিও বৈজ্ঞানিকসকলে ইয়াৰ ৰহস্য ফাদিল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে, তেওঁলোকো এই ক্ষেত্ৰত বিফল হৈছে 

তাঞ্জানিয়াৰ নেট্ৰন হ্ৰদৰ ৰহস্য কি? Magical lake

তাঞ্জানিয়াৰ অৰুষা অঞ্চলত অৱস্থিত এই ৰহস্যময়ী হ্ৰদলৈ যাবলৈ বহুতো মানুহে ভয় কৰে আৰু ইয়াৰ অন্তৰালৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে যে ইয়াত কোনো যাদুকৰী শক্তি নাই, বৰঞ্চ ইয়াৰ পানীবোৰহে ৰাসায়নিক, প্ৰকৃততে, নেট্ৰন হ্ৰদ এটা ক্ষাৰকীয় পানীৰ হ্ৰদ য'ৰ পানীত ছ'ডিয়াম কাৰ্বনেটৰ পৰিমাণ অত্যাধিক| পানীত থকা খাৰৰ পৰিমাণ এম'নিয়াৰ সমান যাৰ ফলত ইয়াত মৃত্যু হোৱা জীৱ-জন্তুৰ মৃত শৰীৰ কেইবা বছৰ পাছলৈকো ক্ষয় নোযোৱাকৈ সুৰক্ষিত হৈ থাকে|

পৃথিৱীত আৰু বহুতো ৰহস্যময়ী হ্ৰদ আছে|

পৃথিৱীত কেৱল নেট্ৰনেই একমাত্ৰ এনে হ্ৰদ নহয় আৰু ইয়াৰ পূৰ্ৱেও আন বহতো হ্ৰদৰ ৰহস্যই মানুহক বিভ্ৰান্ত কৰিছে| ৰোৱাণ্ডাৰ কিৱু হ্ৰদ ও এনে এক হ্ৰদ| এই হ্ৰদটোক আফ্ৰিকান গ্ৰেট লেকৰ শাৰীত ৰখা হয়| এই হ্ৰদৰ পানীত কাৰ্বন-ডাই-অক্সাইড আৰু অত্যাধিক পৰিমাণত মিথেন পোৱা যায়|

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.