হালধী খেতি কৰি বটা পালে এগৰাকী মহিলাই । খেতি কৰি সকলোৱে স্বাবলম্বনৰ পথ বাচিছে কিন্তু খেতি কৰি কেতিয়াবা বটা পোৱা আপুনি শুনিছেনে । এইবাৰ আৰু এক গৌৰবৰ খবৰ যি আপোনাৰ অন্তৰত এক বিশেষ সাচ বহুৱাব। সেয়া হৈছে, আমি সাধাৰণতে ভাৱা সাধাৰণ কামৰ এক বৃহত সফলতাৰ গৌৰব। মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ ত্ৰিনিতি চাইঊ নামৰ এগৰাকী মহিলাই হালধী খেতি কৰিয়েই অসমৰ এন,জি,অ', বালিপাৰা ফাইণ্ডেশ্যনৰপৰা আজুৰিলে বটা। ইয়াৰ উপৰি পদ্মশ্ৰী বটাও লাভ কৰিছে । সচাই দেশবাসীৰ বাবে কৰ্মপ্ৰেৰণা।