৪২ লিটাৰ নিজৰ স্তনৰ দুগ্ধ দান : নতুন insurance policy : নতুন tourism hub : RBI ৰ নতুন নিয়ম

 


১।সোণৰ অসমখনিত আকৌ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।সেয়া শোণিতপুৰ জিলাত। ২১ নবেম্বৰত শোণিতপুৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংলগ্ন হৈ থকা পানপুৰত উদ্বোধন কৰা হয় এখন পৰ্যটন কেন্দ্ৰস্থল।জামগুৰিহাটৰ পানপুৰঘাটৰ বন শিৱিৰৰ কাষতে থকা এখন মুকলি পথাৰত এখন সভা অনষ্ঠিত হয়।উদ্বোধনী সভাৰ সৌষ্ঠব বৃদ্ধি কৰে KNP director পি শিৱ কুমাৰে।সভাত শোণিতপুৰৰ উপায়ুক্তৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

২।এইবাৰ এখন নদীৰ সোত সম্পূৰ্ণ বিপৰীত দিশে গতি কৰিলে।আছুৰ লগত থকা গভীৰ প্ৰেমৰ অৱসান আৰু নতুন দিশেৰে গতি আছুৰ প্ৰেমিক।আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যেতি গগৈয়ে২১ নবেম্বৰত পদত্যাগ কৰিলে।পিছে লুৰিণ ক্ষান্ত থকা নাই, গধূৰ শব্দৰ বাক্যবান মাৰিবপৰা নেতাজন লগে লগেই নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান কৰে।

৩।এইবাৰ আপোনাৰ অন্তৰত সাচ বহুৱাৰ লগতে আচৰিত কৰিব এজন ট্ৰেইন চালকৰ সতৰ্কতাই আৰু ট্ৰেইন চলোৱাৰ পাৰদৰ্শিতাই।সেয়া ১৮ নবেম্বৰৰ নিশা প্ৰায় চাৰে আঠ বজাৰ এক ঘটনা কামাখ্যা ৰেল ষ্টেশ্যনত।ট্ৰেইন চলি আছে আৰু ৪০ বছৰীয়া এজন লোকে সন্মূখত দিছে জাপ নিজৰ প্ৰাণ ল'বলৈ।সেই ঘটনা ৩ নম্বৰ প্লেটফৰ্মৰ ট্ৰেকত।পিছে অত্যন্ত সচেতন আৰু পাৰদৰ্শী চালক লোকো পাইলটে জৰুৰীকালীন ব্ৰেইক মাৰি লোকজনক আত্মহত্যাৰপৰা বচায়।লগে লগে কৰ্মৰত ৰেলৱেইৰ আৰক্ষীয়ে মানুহজনক ইঞ্জিনৰ সন্মূখৰপৰা টানি আনে।

৪।এক বিশেষ খবৰ।ভাৰতৰ জীৱন বীমাই আনিলে পোনপ্ৰথমবাৰৰবাবে ডিজিটেল সেৱা 'আত্ম নিৰ্ভৰ এজেন্ট নিউ বিজনিছ ডিজিটেল এপ্লিকেইশ্যন' যোৱা বৃহস্পতিবাৰে।এই সেৱা আনে ভাৰতৰ জীৱন বীমা নিগমৰ অধ্যক্ষ এম আৰ কুমাৰে ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা।সচাকৈ ই এক সংষ্কাৰমূলক পদক্ষেপ।

৫। আৰু এক বিশেষ খবৰ।গুৱাহাটী মহানগৰীয়ে পিন্ধিবলৈ গৈ আছে এক নসাজ।অতি শীঘ্ৰেই গুৱাহাটীত নিৰ্মাণ হ'ব অলিম্পিক ভৱন।এক সচাকৈয়েই সুখবৰ।২১ নবেম্বৰতেই দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত বাৰ্ষিক সাধাৰণ সভাত Assam Olympic Association য়ে নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে।

৬।এইবাৰ এক দুখবৰ।অসমৰ ভূমিৰ এক বিশাল অংশ হেৰাই যোৱাৰ পথত। মিজোৰামৰ সেনাৰ দপদপনি অব্যাহত অসমৰ ভূমিত।সচাকৈয়ে আশংকাৰ বিষয় যে কাছাৰ সংমণ্ডলে হেৰুৱাবলৈ গৈ আছে ৭০০ হেক্টৰ বনাঞ্চলৰ ভূমি।ই অতিকৈ।গুৰুতৰ বিষয়‌।

৭।এক আচৰ্যকৰ খবৰ। নিজৰ স্তনৰ দুগ্ধ দান কৰিলে ভোকাতুৰ শিশুক। কৰোনাৰ ভয়াবহতাৰ মাজতেই অপৰিসীম মৰমেৰে আৰু অশেষ ত্যাগেৰে ৪২ লিটাৰ নিজৰ স্তনৰ দুগ্ধ ভোকাতুৰ শিশুক দান কৰিলে বলিউদৰ প্ৰযোজক নিধি পাৰমাৰ হীৰনন্দিনীয়ে। সচাকৈয়ে এক বিৰল উদাহৰন।সচাকৈয়ে এক অন্তৰ চুই যোৱা মহানুভৱতাৰ কাৰ্য।

৮।ৰিজাৰ্ভ বেংকে দিলে এক নতুন সুবিধা।গ্ৰাহকৰ বাবে এক অতি সুখবৰ।ডিচেম্বৰ মাহৰপৰা RTGS মাধ্যমেৰে গ্ৰাহকে পুৱা সাতবজাৰপৰাই সন্ধিয়া ছয় বজালৈকে টকা ট্ৰান্চফাৰ কৰিব পাৰিব অনলাইন যোগে বা বেংকৰ শাখালৈ গৈ।এই ট্ৰান্চফাৰ হ'ব ২ লাখ টকাৰ ওপৰতহে।

৯।অসমলৈ আহিল এক নতুন গৌৰবৰ বন্যা।আপোনাৰ হিয়া উথলি উঠিব।সেয়া লক্ষীমপুৰৰ জীয়ৰী মুনমী গগৈ। মুনমী হ'ল কেৰেলাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী।মালায়ালাম ভাষাৰ উচ্চাৰণেৰে সকলোকে আকৰ্ষণ কৰা মুনমী জয়ী হ'ব বুলি গভীৰভাবে আশা কৰা হৈছে।

১০।অসমৰ সৰ্ববৃহত আৰু প্ৰভাৱশালী সংগঠন আছুৱে আনিলে এক সংষ্কাৰ।আছুৱে লয় এক বিশেষ সিন্ধান্ত ডিব্ৰুগড়ৰ ডুলিয়াজানত হোৱা এক সভাত।যোৱা শুক্ৰবাৰে নিশা হোৱা সভাখনত লোৱা সিদ্ধান্ত অনুসৰি কোনো এজনে ৪০ বচৰ বয়সত আছুত যোগদান কৰিব পাৰিব আৰু বাধ্যতামূলকভাবে অৱসৰ ল'ব ৪২ বছৰ বয়সতেই।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.