৬০ বছৰৰ মহিলাক ধৰ্ষণ : নতুন চাকৰি : হাইস্কুল,মেট্ৰিকৰ পৰীক্ষা বাতিল : শিশুয়ে শিক্ষামন্ত্ৰীক দিলে চমক

 

৬০ বছৰৰ মহিলাক ধৰ্ষণ : নতুন চাকৰি : হাইস্কুল,মেট্ৰিকৰ পৰীক্ষা বাতিল : শিশুয়ে শিক্ষামন্ত্ৰীক দিলে চমক

১।এক বিশেষ খবৰ।আপোনাৰ বাবে ভ্ৰমণৰ আমেজ।ভ্ৰমণ সাৰথি নামৰ আচনিয়ে দিব আপোনাক বিনামূলীয়া ভ্ৰমণ।বয়োজ্যেষ্ঠ ব্যক্তিয়ে আৰু মহিলাসকলে ভাড়া নিদিয়াকৈ গুৱাহাটীত ফুৰিব পাৰিব।ভ্ৰমণ সাৰথিৰ অধীনত চলা বাচবোৰ গুলপীয়া ৰঙৰ হ'ব। ডিচেম্বৰৰ শেষৰ ফালে এই আৰম্ভ হ'ব ২৫ খন বাচেৰে।

২।এক ভাল খবৰ।বিধানসভা নিৰ্বাচন সমাগত।চৰকাৰখনে শিক্ষিত নিবনুৱাৰ কাৰণে বিশেষভাৱে চিন্তা কৰিছে। অতি শীঘ্ৰেই চৰকাৰে ১৮ টা বিভাগৰ খালী পদসমূহ পূৰণ কৰিব।তৃতীয় আৰু চতুৰ্থ বৰ্গত সৰ্বমুঠ ৪,৭১৬ টা পদ পূৰণ কৰিব চৰকাৰে।

৩। সেয়া ২০ নৱেম্বৰ, শুকুৰবাৰ। এক বিশেষ খবৰ।সুদীৰ্ঘ ১৪ বছৰৰ মূৰত তাপমাত্ৰাই দিলে চমক দিল্লীত। দিল্লীত শুকুৰবাৰে তাপমাত্ৰা নামিল ৭.৫ ডিগ্ৰী চেলচিয়াচলৈ।বৰ্তমান মহানগৰখনত বায়ূপ্ৰদূষণেও ভাবুকিৰ সৃষ্টি কৰিছে।

৪।এক জঘন্য ঘটনা তেজপুৰৰ কৰৈয়নি নেপালী গাৱত। দুটা পাষণ্ড ভটিজা ,২৪ বছৰীয়া হবিবুৰ ৰহমান আৰু ২৫ বছৰীয়া মন্নাচ আলীয়ে ৬০ বছৰৰ উৰ্ধৰ মহিলাগৰাকীক পথাৰলৈ মাতি সন্ধিয়া ৬ বজাৰপৰা নিশা ১২ বজালৈ চলায় ধৰ্ষণ।যোৱা মংগলবাৰৰ প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰেই মহিলাগৰাকীয়ে তেজপুৰ আৰক্ষী থানাত এজাহাৰ দিয়ে।

৫।এক উত্তেজনাপূৰ্ণ ঘটনাইযোৱা শুক্ৰবাৰে জোকাৰে নলবাৰী।নলবাৰীৰ অময়াপুৰ জজ্ঞভূমিৰ পাঞ্জাব নেশ্যনেল বেংকত দিনদুপৰতে ডকাইতৰ দপদপনি।ডকাইতৰ দলটোৱে বন্দুক দেখুৱাই গ্ৰাহকক বহুৱাই ৬০ লাখ টকা লৈ যায়।

পোনপ্ৰথমেই বদ্দুকৰ গুলীত আহত হয় এলেঙীদল গাৱৰ নয়ন দাস ।আৰু ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত নয়নক ততালিকে তেওক চিকিৎসাৰ কাৰণে লৈ যোৱা হয় স্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ।

৬।এইবাৰ ভাৰতবৰ্ষত কৰোণাত মৃত্যুৰ সংখ্যা চুলে ১,৩২,১৬২জন আৰু সমগ্ৰ পৃথিবীত এই মৃত্যুৰ সংখ্যা চুলে ১৩,৭১,২৪১ জন।বৰ্তমান কৰোনাৰোগীৰ সংখ্যা দেশখনত প্ৰায় ৯০,০৪,৩৬৫জন আৰু সমগ্ৰ বিশ্বত প্ৰায় ৫,৭৪,৯৫,৬৩১জন।এয়া কৰোনাৰ অবাধ বিচৰণ।

৭।এইবাৰ পোহৰলৈ আহিল মংগলদৈৰ অবাধ আৰু অবৈধ কাঠ মিলৰ বেহা।খাইবৰ আলীয়ে লালপুৰ আৰু কপাতিত চলাই আছে ৰমৰমীয়া বেহা।পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ।অৱশেষত জালত পৰিল খাইবৰ।উত্তৰ কামৰূপ বন বিভাগে জব্দ কৰে প্ৰায় ১৪ লাখ টকাৰ অবৈধ কাঠ।লগতে খাইবৰৰ দুয়োটা মিল ভাঙি পেলোৱা হয়।

৮।এইবাৰ অসমৰ শিশুৱে দিলে চমক।এক নজিৰবিহীন কাৰ্য গুৱাহাটীৰ প্ৰেছ ক্লাবত শিশু দিৱসৰ দিনাই।ৰাজ্যৰ ১৭ খন জিলাৰ  প্ৰায় ৪,০০০ শিশুৱে শিক্ষামন্ত্ৰীক দিলে এখন ঘোষনাপত্ৰ।এই ঘোষনাপত্ৰ ই দাবী কৰিলে শিক্ষাৰ সংষ্কাৰ।শিশুসকলে বিচাৰিলে ২০২১ বৰ্ষত Affordable and accessible education, লগতে বিচাৰিলে স্বাস্থ্যৰ যতন,।পুষ্টিকৰ খাদ্য,হিংসাৰপৰা সুৰক্ষা আৰু লিংগৰ সমতা।

৯।এইবাৰ মেঘালয়ৰ শিক্ষা বিভাগে ললে বিশেষ সিদ্ধান্ত।কৰোনাৰ বাবেই ল'লে এই সিদ্ধান্ত।২০২১ বৰ্ষত Secondary School Leaving Certificate আৰু High School Leaving Certificate ৰ কোনো ধৰণৰ বাচনি পৰীক্ষা নাপাতে।লগতে এইটোও সিদ্ধান্ত লোৱা।হয় যে ২০১৯ বৰ্ষত পতা নিৰ্বাচনী পৰীক্ষাত অনুতীৰ্ণ হোৱা শিক্ষাৰ্থীয়েও ২০২১ বৰ্ষৰ মাৰ্চ/এপ্ৰিলত হ'বলগা উক্ত পৰীক্ষাত বহিব পাৰিব।

১০।এক সুখবৰ।অসম চৰকাৰৰ অনুৰুধমৰ্মে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ ঘোষণা কৰে। মাজুলীৰ কমলাবাৰী ঘাটৰ লগত সংযোগ হৈ থকা যোৰহাটৰ সমীপৰ National Highway 715 ক National Highways 715k বুলি ঘোষণা কৰে ৰাষ্ট্ৰীয় ঘাইপথ আইন,১৯৫৬ ৰ অধীনত যোৱা বৃহস্পতিবাৰে।ইয়াৰ বাবে মূখ্যযন্ত্ৰীজনাই নৰেন্দ্ৰ মোডী আৰু নিতিন গাডকাৰীক ধন্যবাদ জনায়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.