জাগীৰোডত এগৰাকী ১৫ বছৰীয়া কিশোৰীক বলাৎকাৰ



জাগীৰোডত এগৰাকী ১৫ বছৰীয়া কিশোৰীক বলাৎকাৰ

তিনি পাষণ্ডৰ কামনাৰ বলি হ'ল হাজেৰা খাতুন নামৰ বনকৰা কিশোৰ

জাগীৰোড শিলভঙাত সংগঠিত হৈছে এই জঘন্য ঘটনা

তিনি পাপীষ্ঠই মিলি দুমাহ ধৰি যৌন নিৰ্যাতন চলাই আছিল অসহায় কিশোৰী গৰাকীক

15 year girl rape at morigaon jagiroad

15 year girl rape at morigaon jagiroad

15 year girl rape at morigaon jagiroad


জাগীৰোডৰ শিলভঙাত সংগঠিত এই জঘন্য, অমানৱীয় আৰু ঘৃণনীয় ধৰ্ষণ কাণ্ডক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, বিভিন্নজনে এই পাপীষ্ঠ কেইজনক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনাইছে। 

মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত শিলভঙা গাঁৱত সংগঠিত হোৱা ধৰ্ষণ কাণ্ডৰ লগত জড়িত তিনিজনৰ ভিতৰত ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে দুজনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে, পলাতক আন এজন আচামীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আটক কৰা ধৰ্ষণকাৰী দুজন হৈছে ছেনিমাৰিৰ মজিবুৰ ৰহমান, শিলভঙাৰ ছফৰ আলী আৰু পলাতক আচামীজনৰৰ নাম হৈছে আজাহাৰ উদ্দিন। উল্লেখ্য যে ছেনিমাৰিৰ এটা দুখীয়া ঘৰৰ সন্তান হাজেৰা খাতুনক ভাল কাম দিব বুলি কৈ ছেনিমীৰৰ মজিবুৰ ৰহমানে শিলভঙাৰ ছফৰ আলীৰ ঘৰত বনকৰা কৰ্মচাৰী হিচাবে নিয়োগ কৰে। মাজে সময়ে ছফৰ আলীৰ ঘৰত আহি দুজনীকৈ পত্নীৰ স্বমী মজিবুৰ ৰহমানে বিভিন্ন দাবি-ধমকি দি কিশোৰী গৰাকীৰ লগত যৌন লিপ্সা পুৰণ কৰে, ইফালে বিষটো অৱগত হোৱাৰ পাছত পিতৃতুল্য ছফৰ আলী আৰু আজাহাৰ উদ্দিন নামৰ পাষণ্ড দুটায়েও সুযোগ বুজি বনকৰা ছোৱালীক ভয়-ভাবুকিৰে যৌন চৰিতাৰ্থ কৰে। সম্প্ৰতি দুমাহৰ গৰ্ভৱতী ছোৱালীজনীয়ে উপায়ন্তৰহৈ অৱশেষত জাগীৰোড আৰক্ষী থানাৰ শৰণাপন্ন হয়। আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি ক্ষিপ্ৰতাৰে কাল পিশাচ দুজনক আটক কৰে আৰু পলাতক অপৰাধীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।—

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.