মাত্ৰ ১২১ টকাত জীয়ৰীৰ বাবে কিনক LIC ৰ এই পলিচি , পাব ২৭ লাখ টকা
দেশৰ চৰকাৰী আৰু সকলোতকৈ ডাঙৰ বীমা কোম্পানী LIC য়ে সম্পূৰ্ণ কৰিলে ৬৫ বছৰ । ১ September , ১৯৫৬ ত কেন্দ্ৰ চৰকাৰে এই কোম্পানী টো ৫ কোটি টকাত আৰম্ভ কৰিছিল । আজিৰ দিনত LIC সকলোতকৈ ডাঙৰ বীমা কোম্পানী ৰূপে প্ৰতিষ্ঠিত হৈছে । LIC ৰ এনেকুৱা এটা পলিচি আছে , যিটো বীমা কোম্পানী টোৱে কেৱল জীয়ৰী সকলৰ বিয়াৰ বাবেই প্ৰস্তুত কৰিছে । যদি আপুনিও আপোনাৰ জীয়ৰীৰ ভৱিষ্যতক লৈ চিন্তিত তেনেহলে ইয়াৰ বাবে LIC ৰ এই পলিচি টো লব পাৰে ।
এই পলিচিৰ নাম হৈছে কন্যাদান যোজনা । এই যোজনাত ১২১ টকাত প্ৰত্যেক দিনৰ হিচাপত প্ৰায় ৩৬০০ টকাৰ মাহিলি premium ত এই প্লেন পাব । কিন্তু যদি কোনো লোকে ইয়াতকৈ কম premium বা অধিক premium দিব বিচাৰে তেতিয়াও আপোনালোকে এই প্লেন লব পাৰিব । এই পলিচিত যদি আপুনি যদি প্ৰত্যেক দিনৰ হিচাপত ১২১ টকাকৈ জমা কৰে , তেনেহলে ২৫ বছৰত আপুনি লাভ কৰিব ২৭ লাখ টকা ।
ইয়াৰ লগতে পলিচি লোৱাৰ পিছত যদি মৃত্যু হয় তেনেহলে পৰিয়ালে এই পলিচিৰ premium ভৰিব নালাগে আৰু তেওঁলোকক প্ৰত্যেক বছৰে ১ লাখ কৈ টকা দিয়া হব । ইয়াৰ উপৰিও ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচিৰ যি নমিনী দিয়া থাকে , তেওঁ ২৭ লাখ টকাও সুকীয়াকৈ লাভ কৰিব । এই পলিচি লবৰ বাবে নূন্যতম বয়স ৩০ বছৰ হব লাগিব জীয়ৰীৰ বয়স ১ বছৰ হব লাগিব । এই প্লেন ২৫ বছৰৰ বাবে লাভ কৰিব , কিন্তু premium ২২ বছৰ হে দিব লাগিব । কিন্তু আপোনাৰ আৰু জীয়ৰীৰ বিভিন্ন বয়সৰ হিচাপটো এই পলিচি লাভ কৰিব পাৰি । জীয়ৰীৰ বয়সৰ ওপৰত ভিত্তি কৰি এই পলিচিৰ সময় সীমা কম কৰি দিয়া যাব ।