কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰ সকলক 21%বেতন দিয়া হয়, কিন্তু এতিয়া তেওঁলোকক ক'ভিড ১৯ মহামাৰীৰ কাৰণে ১৭% হাৰত বেতন প্ৰদান কৰা হৈছে।
২০২১ চনৰ নতুন বছৰৰ উৎসৱৰ ঠিক আগতে,কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কিছুমান ভাল খবৰ আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়া ২০২১বৰ্ষত বাঢ়ি যোৱা বেতন ল'ব পাৰিব। এই বছৰত ক'ভিড ১৯ মহামাৰীৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে তেওঁলোকৰ মূল্যবৃদ্ধিৰ ভাত্তাটো নাপালে। কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰ সকলে ২১%মূল্যবৃদ্ধিৰ ভাত্তা লাভ কৰে কিন্তু এতিয়া ক'ভিড ১৯ মহামাৰী কাৰণে ১৭%দৰতহে বেতন লাভ কৰিছে। ২০২১ চনৰ জুন মাহৰ এই ব্যৱস্থা ক'ভিড ১৯ মহামাৰী সময়ত,কেন্দ্ৰ চৰকাৰে নিজৰ কৰ্মচাৰী সকলৰ বাবে আৰ্থিক গতিবিধি কমি যোৱাৰ বাবে মূল্যবৃদ্ধি ভাত্তা স্থগিত কৰি দিছিল।
৭নং DA আয়োগৰ অনুসৰি মূল্যবৃদ্ধি ভাত্তা ২১% দৰত প্রদান কৰা হয় কিন্তু বৰ্তমান সময়ত এই ভাত্তা ১৭% দৰত প্রদান কৰি থকা হৈছে। কেন্দ্ৰ চৰকাৰে ২০২১ চনৰ জুন মাহলৈ এই ব্যৱস্থাৰ সুবিধা কৰি দিছে। ৫.৫ মিলিয়নৰো অধিক কৰ্মচাৰী আৰু পেন্সনাৰ সকলৰ আশা যে ২০২১ চনৰ জুন মাহৰ পাছত চৰকাৰে বেতনৰ ওপৰত ৰেহাই দিব আৰু যদি এনেকুৱা হয় তেন্তে বেতন আৰু পেন্সনৰ বৃদ্ধি হ'ব। কেন্দ্ৰ চৰকাৰে ১জানুৱাৰী আৰু ১জুলাই তাৰিখে DA বৃদ্ধি কৰে।এই বছৰ জানুৱাৰী মাহতে ৪% DA বৃদ্ধি কৰা হৈছিল। বৰ্তমান সময়ত এই পৰ্যায়ত ৫০ লাখতকৈও অধিক কৰ্মচাৰী আৰু ৫৫ লাখতকৈও অধিক পেন্সনাৰ সকলক এই কথাই প্ৰভাবিত কৰিছে।
মাৰ্চ মাহত DA ৪% বাঢ়িছিল।
ইয়াৰ আগতে ২০২০ চনৰ মাৰ্চ মাহত মন্ত্ৰী মণ্ডলে মূল্যবৃদ্ধিৰ ভাত্তা ৪% বৃদ্ধি কৰিছিল। আন কথাত ক'ব গ'লে চৰকাৰে মূল্যবৃদ্ধিৰ বাবে বছৰত দুবাৰকৈ বেতন সলাইছিল আৰু এইটো হৈছে চৰকাৰী খৰছ ৰাহি কৰাৰ অন্য এক প্ৰয়াস। ইয়াৰ আগতে মন্ত্ৰীসকলে PM ৰাষ্ট্ৰপতি সদস্য -সদস্যাসকলৰ বেতনৰ ৩০% চৰকাৰী খৰছৰ ৰাহি কৰাৰ ঘোষণা কৰা হৈছিল। ক'ভিড ১৯ সৈতে যুজিবলৈ MPLADS যোজনাই অধিক ধন উপাৰ্জন কৰিবলৈ দুবছৰ বাবে এই আঁচনিটো নিলম্বন কৰি দিছে । দিল্লী চৰকাৰৰ তৰফৰ পৰা নতুন বছৰৰ উপহাৰ হিচাপে দিল্লীৰ অৰবিন্দ কেজৰীৱালে নিজৰ কাৰ্যকর্তা সকলক বছৰৰ শেষত এটা উপহাৰ প্রদান কৰিলে। চৰকাৰে নিজৰ অকুশল , অৰ্ধকুশল , কুশল আৰু অন্য শ্ৰেণী শ্ৰমিকৰ বাবে মূল্য বৃদ্ধি ভাত্তা বঢ়োৱাৰ সিদ্ধান্ত ল'লে। দিল্লীৰ Deputy CM মনীষ চিচোদিয়াই এই মাহৰ আৰম্ভণিতে এই কথা ঘোষণা কৰিলে।