সুকন্যা সমৃদ্ধি আৰু এল আই চি কন্যাদান পলিচিৰ মাজত থকা এই ১০ টা পাৰ্থক্য জানো আহক

 সুকন্যা সমৃদ্ধি ( Sukanya Samriddhi)আৰু LIC কন্যাদান পলিচিৰ মাজত থকা এই ১০ টা পাৰ্থক্য জানো আহক।

These 10 Differences Between Sukanya Samridhi and LIC Kanyadan Policy


এই যোজনা বোৰৰ প্ৰধান উদ্দেশ্য হৈছে ছোৱালীৰ পঢ়া-শুনা আৰু বিয়াৰ বাবে যি টকা পইচা খৰচ হয় তাৰ বাবে সঞ্চয় কৰা এটা প্ৰধান মাধ্যম। এই  কম আৰু বেছি দুয়োধৰণৰ উপাৰ্জন কৰা লোকৰ বাবে লাভজনক হ‌য়। 

সুকন্যা সমৃদ্ধি যোজনা (SSY) আৰু এল আই চি কন্যাদান পলিচি ছোৱালী বোৰৰ বাবে দুটা বহুত জনপ্ৰিয় আঁচনি। এই আচঁনি দুটাৰ উদ্দেশ্য হৈছে ছোৱালীৰ শিক্ষা আৰু বিবাহৰ বাবে যি টকা পইচা খৰচ হয় তাৰ বাবে মাক দেউতাকক সঞ্চয় কৰাত সহায় কৰা। এই আচঁনি কম আৰু বেছি দুয়োধৰণৰ উপাৰ্জন কৰা লোকৰ বাবে লাভজনক।

ইয়াত fixed income ৰ লগত সঞ্চয় কৰা ধনৰ নিশ্চয়তাও পোৱা যায়। দুয়োবিধ আঁচনিৰ এবিধক বাচনি কৰাৰ আগতে দুয়োবিধৰ মাজত থকা পাৰ্থক্য বোৰ জানি লোৱাটো প্ৰয়োজনীয়। এই দুয়োবিধ আঁচনিৰ মাজৰ পাৰ্থক্য জানি লও আহক।

১. বয়সৰ লগত জড়িত চৰ্ত সমূহ

সুকন্যা সমৃদ্ধি আঁচনিত ছোৱালীৰ জন্মৰ পিছতেই তাইৰ নামত একাউণ্ট খুলিব পাৰি। ছোৱালী জনীৰ ১০ বছৰ বয়সলৈ এই কাম কৰিব পাৰি। আনহাতে এল আই চি আচঁনিত ছোৱালী জনীৰ এক বছৰ হ'ব লাগিব। দেউতাকৰ বয়স ১৮ ৰ পৰা ৫০ বছৰ হ'ব লাগিব। একাউণ্ট টো দেউতাকৰ নামত খোলা হয়।

২. নাগৰিকতাৰ নিয়ম

সকলো ভাৰতীয় নাগৰিকে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰে। NRI ক ইয়াৰ অনুমতি নালাগে। আনহাতে এল আই চি কন্যাদান পলিচিত ভাৰতৰ বাহিৰৰ মানুহেও ইয়াক কিনিব পাৰে।

৩. মূল্যৰ সীমা

সুকন্যা সমৃদ্ধি আঁচনিত এটা বিত্তীয় বছৰত ১.৫ লাখ টকা বিনিয়োগৰ সীমা থাকে। কিন্তু এল আই চি কন্যাদান পলিচিত বিনিয়োগৰ কোনো সীমা নাথাকে।

৪. পৰিপক্ক একাউণ্ট

সুকন্যা সমৃদ্ধি যোজনাত একাউণ্ট খোলাৰ পাছত ২১ বছৰ পূৰ হ'লে একাউণ্ট পৰিপক্ক হয় । কিন্তু এল আই চি কন্যাদান পলিচিত ১৩ ৰ পৰা ২৫ বছৰতে একাউণ্ট পৰিপক্ক হয়।

৫. সমান আশ্বাসৰ সীমাবদ্ধতা

সুকন্যা সমৃদ্ধি আঁচনিৰ ক্ষেত্ৰত মূল্য দিয়াৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে LIC কন্যাদান পলিচিত নূন্যতম এক লাখ টকাৰ বীমা পোৱা যায়। আৰু বেছিৰ সীমা নাই।

৬. লোণৰ সুবিধা

সুকন্যা সমৃদ্ধি আঁচনিত কোনো ধৰণৰ লোণৰ ব্যৱস্থা নাই। আনহাতে LIC কন্যাদান পলিচিত যদি একাউণ্টৰ গৰাকীয়ে একেৰাহে ৩ বছৰলৈ মূল্য দি থাকে আৰু একাউণ্ট টো যদি সক্ৰিয় হৈ থাকে তেন্তে লোণ ল'ব পাৰে।

৭. একাউণ্টৰ কাৰ্যকৰীকৰণ

সুকন্যা সমৃদ্ধি যোজনাত ছোৱালীৰ ১০ বছৰলৈ অভিভাৱকে একাউণ্টটো কাৰ্যকৰী কৰি থাকে। তাৰ পিছত ছোৱালী জনীয়ে নিজে একাউণ্ট টো চলাব পাৰে।এই একাউণ্ট ছোৱালী জনীৰ নামত খোলা হয়। আনহাতে LIC কন্যাদান পলিচিৰ ক্ষেত্ৰত ছোৱালী জনীৰ অভিভাৱকৰ নামতে একাউণ্ট খোলা হয়।

৮. জমা কৰাৰ সময়

সুকন্যা সমৃদ্ধিৰ ক্ষেত্ৰত একাউণ্ট খোলা তাৰিখৰ পৰা ১৫ বছৰলৈ জমা কৰিব লাগে। প্ৰথমতে এই সময় ১৪ বছৰলৈ আছিল। আনহাতে LIC কন্যাদান পলিচিত ১৮ বছৰলৈ জমা কৰিব লগীয়া হয়।

৯. মৃত্যুৰ ক্ষেত্ৰত নিয়ম

সুকন্যা সমৃদ্ধি যোজনাত ছোৱালী জনী অৰ্থাৎ একাউণ্টৰ গৰাকীৰ মৃত্যু হ'লে জমা কৰা টকাখিনি অলপ সুদৰ হাৰত ছোৱালী জনীৰ অভিভাৱকক দিয়া হয় । আনহাতে LIC পলিচিত দেউতাকৰ মৃত্যু হ'লে মূল্যখিনি ৰেহাই কৰি দিয়া হয়।

১০. ক্ষতিপূৰণ যোগান ধৰা কাৰ্য

সুকন্যা সমৃদ্ধি যোজনাত দেউতাকৰ স্হায়ী বিকলাংগতাত কোনো ধৰণৰ ক্ষতিপূৰণ যোগান ধৰিব নালাগে। আনহাতে LIC কন্যাদান পলিচিত দেউতাকৰ স্হায়ী বিকলাংগতাত কিস্তি ৰেহাই দিয়া হয়। যদি দুৰ্ঘটনাত দেউতাকৰ মৃত্যু হয় তেন্তে নগদ ১০ লাখ টকা দান কৰা হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.