জ‍ানক ভাল টোপনি যোৱাৰ লাভ সমূহ : The benefits of good sleep

 জ‍ানক ভাল টোপনি যোৱাৰ লাভ সমূহ 



যেতিয়া আমি দিনটো বিভিন্ন ধৰণৰ কাম কৰো তেতিয়া ভাগৰ লগাটো স্বাভাৱিক আৰু তেতিয়া আপোনাক জিৰণিৰ প্ৰয়োজন হয় । যেতিয়া আপুনি আৰাম কৰিবৰ বাবে বিছনাত শুই দিয়ে তেতিয়া আপোনাৰ টোপনি আহি যায় ।

যেতিয়া আপুনি টোপনি সম্পূৰ্ণ কৰি উঠিব তেতিয়া আপোনাৰ relax অনুভৱ হব আৰু মনটো পাতল যেন অনুভৱ হব , স্মৃতি শক্তি বাঢ়িব আৰু আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকিব ।

যেতিয়া আমি দিনটো কামৰ , ব্যস্ততাৰ পৰা আজৰি হোৱাৰ পিছত জিৰণি লও তাকেই ভাল টোপনি বুলি কোৱা হয় । ভাল টোপনি অহাৰ বহুত কেইটা লাভ আছে । যেনে - ভাগৰ ভাগৰ অনুভৱ নাইকীয়া হোৱা , মগজুয়ে জিৰণি পোৱা আদি । 

ভাল টোপনি আহিবৰ বাবে ঘৰৰ ৰোম টো চাফা হব লাগে । 

বিছনা খন চাফা আৰু কোমল হব লাগে ।

ৰোম টোৰ তাপ মাত্ৰা কম হব লাগে । 

আহক এতিয়া আমি জানো ভাল টোপনি পোৱাৰ বিভিন্ন লাভ সমূহ কি কি

Read More :- 

সুকন্যা সমৃদ্ধি আৰু এল আই চি কন্যাদান পলিচিৰ মাজত থকা এই ১০ টা পাৰ্থক্য জানো আহক

১. ভাগৰ অনুভৱ নোহোৱা হয় । 

যদি আপুনি এজন খেতিয়ক হয় বা ছাত্ৰ/ ছাত্ৰী হয় বা বিভিন্ন দিন ভৰ কৰিব লগীয়া কাম কৰে তেনেহলে আপুনি ভাগৰ অনুভৱ কৰে নিশ্চয় । তাৰ পিছত যদি আপুনি ভালকৈ টোপনি যায় তেতিয়া আপুনি নিজক আকৌ সতেজ , সবল অনুভৱ কৰিব , আৰু আপুনি আকৌ কাম কৰিবৰ বাবে সাজু হৈ যাব পাৰিব ।

২.কষ্টকৰ(মানসিক চাপ) জীৱনৰ পৰা মুক্তি পাব ।

যদি আপুনি নিজকে বহুত মানসিক ভাৱে চাপ অনুভৱ কৰি থাকে তেনেহলে ভাল টোপনি যোৱাৰ পিছত আপুনি নিজৰ মনটো পাতল যেন অনুভৱ কৰিব । 

৩. মাংসপেশী বোৰৰ জিৰণি ।

যেতিয়া আপুনি যিকোনো এটা কাম কৰে তেতিয়া আপোনাৰ মাংসপেশী বোৰেও কাম কৰে আৰু তেতিয়া সেই মাংসপেশী বোৰ ভাগৰি যায় , তেতিয়া জিৰণি অত্যন্ত প্ৰয়োজন । 

৪. সুস্থ মগজু 

ভাল টোপনি অহাৰ ফলত মগজু টো পুনৰ সবল হৈ যায় আৰু আকৌ কাম কৰিবৰ বাবে সাজু হৈ যায় লগতে মগজুৰ শক্তিও বাঢ়ি যায় । সেয়ে ভাল টোপনি হৈছে ৰামবানৰ দৰে , সকলো ৰোগতে খটা ঔষধৰ দৰে। 

৫.ভালদৰে হজমহুৱা ।

আপোনাৰ শৰীৰৰ গ্ৰন্থী সমূহ আৰু পাচন তন্ত্ৰ ভাল দৰে কাম কৰিবৰ বাবে ভাল টোপনি অতি আবশ্যক । ৰাতিৰ আহাৰৰ পিছত টোপনি নিতান্তই প্ৰয়োজন অন্যথা আপোনাৰ পাসন্তন্ত্ৰই ভালদৰে কাম নকৰে আৰু আপোনাৰ পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে । পেট বেয়া হোৱাৰ লগে লগে আপোনাৰ শৰীৰৰ অন্য ক্ৰিয়া সমূহোৰো গতি বেয়া হৈ পৰে 

৬. Heart Attack ৰ সম্ভাৱনা , ভয় নাথাকে

ভাল টোপনি অহাৰ ফলত আপোনাৰ Heart Attack হোৱাৰ সম্ভাৱনা নাথাকে , যেতিয়া আপোনাৰ শৰীৰত  Cholesterol ৰ মাত্ৰা বাঢ়ি যায় , তেতিয়া ৰক্তৰ ধমনীত ৰক্ত জাম হৈ যায় , যাৰ ফলত ৰক্ত নলী ফাটি যায় । কিন্তু ভাল টোপনি আহিলে এনে হোৱাৰ সম্ভাৱনা নাথাকে ।  

৭. বেমাৰৰ পৰা মুক্তি 

যদি আপুনি খাদ্য গ্ৰহণ কৰাৰ পিছত ভালকৈ টোপনি যায় তেতিয়া হলে আপোনাক উচ্চ ৰক্ত চাপৰ দৰে বেমাৰে লম্ভিব নোৱাৰে । কিয়নো টোপনি ভালৈ গলে উচ্চ ৰক্ত চাপৰ দৰে বেমাৰ নিয়ন্ত্ৰণত থাকে 

৮. কৰ্কট ৰোগৰ পৰা মুক্তি

আপুনি হয়তো দেখিবলৈ পাইছে যে চেলিব্ৰিটী সকলৰ অত্যাধিক কৰ্কট ৰোগ হয় কাৰণ তেওঁলোকে বিভিন্ন কাৰণত সম্পূৰ্ণ ৰূপে ভাল টোপনি নাপাই ।

আজিকালিৰ যুৱক যুৱতী সকলৰো এনে অভ্যাস হৈ গৈছে যে বাহিৰত ফাষ্ট ফুড খাই আৰু ৰাতিৰ ভাগত চিনেমা চোৱা বা বিভিন্ন কাৰণত টোপনি ক্ষতি কৰে আৰু ভালকৈ টোপনি সম্পূৰ্ণ নকৰে । যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰে আগুৰি ধৰাৰ সম্ভাৱনা থাকে ।

এতিয়ালৈ আমি ভাল টোপনি বিষয়ে শুনি আছোঁ কিন্তু ভাল টোপনি কি হয় । ভাল টোপনিৰ বাবে আপুনি কিছুমান সময়ৰ মতে শুব লাগিব । যেনে - এজন নবাগত শিশুক অতি কমেও ১৮ ঘণ্টাৰ টোপনি প্ৰয়োজন , শিশু টোৰ একো কোৱাৰ প্ৰয়োজন নাই কেৱল মাত্ৰ শিশু টো শুই থাকে । কিন্তু আপোনাৰ বয়স যদি ৭ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰত তেনেহলে আপোনাক অতি কমেও ৮ ৰ পৰা ১০ ঘণ্টাৰ টোপনি প্ৰয়োজন ।

যদি আপোনাৰ বয়স ১৫ বছৰৰ পৰা ২১ বছৰৰ ভিতৰত তেনেহলে আপোনাক অতি কমেও ৬ ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন । যদি আপোনাৰ বয়স ২২ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হয় তেনেহলে আপোনাক অতি কমেও ৫ r পৰা ৭ ঘণ্টা ভাল টোপনি প্ৰয়োজন । যদি আপোনাৰ বয়স ৩৬ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হয় তেনেহলে আপোনাক অতি কমেও ৫ r পৰা ৭ ঘণ্টা ভাল টোপনি প্ৰয়োজন । আৰু আপোনাৰ বয়স ৫১ ৰ ওপৰত হলে আপোনাক অতি কমেও ৪ r পৰা ৫ ঘণ্টা ভাল টোপনি প্ৰয়োজন ।

ভাল টোপনি অসুবিধা সমূহ

১. বেছি টোপনি যোৱাৰ ফলত আপোনাৰ ওজন বঢ়াৰ সম্ভাৱনা থাকে 

২.বেছি টোপনি গলে হৃদয়ৰ বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।

৩.বেছি টোপনি যোৱাৰ লগে লগে এলাহ এলাহ যেন অনুভৱ হয় , মনটো বেয়া বেয়া যেন অনুভৱ হৈ থাকে আৰু কোনো কামতে মই নবহা হয় । সেইবাবে টোপনি সময় মতে যাব লগে ।

৪.বেছিকৈ টোপনি গলে মানসিক চাপ আৰু ডায়েবেটিচ আদি বেমাৰ হোৱাৰ আশংকা থাকে 

৫.বেছি টোপনি যোৱাৰ লগে লগে আপোনাৰ মাংসপেশীত প্ৰভাৱ পৰে আৰু বিষ হবলৈ আৰম্ভ কৰে । যেনে পিঠিৰ বিষ , মূৰৰ বিষ আদি ।

সেয়ে জোখতকৈ অধিক টোপনি যোৱাটোও শৰীৰৰ বাবে হানিকাৰক ।

আমি কেনেকৈ শুব লাগে আৰু ইয়াৰ বাতাবৰণ কেনেকুৱা হব লাগে

১.ৰোম টো চাফা আৰু বায়ু অহা যোৱা কৰা হব লাগে ।

২.ৰোম টোত অতি কমকৈ পোহৰ আহি থকা হব লগে ।

৩.ৰোম টো ভাল গোন্ধযুক্ত হব লাগে 

৪.বিছনা খন চাফা হব লাগে 

৫. শুবলৈ যোৱাৰ পূৰ্বে হাতৰি ধুনীয়াকৈ ধুই লৈ শুব লাগে ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.