১.৫ কোটি টকাৰ 'সৰজা'' নামৰ এটা ভেড়া বা ছাগলী, জানক ইয়াৰ বিশেষ গুণ ।
-মেদগয়াল জাতৰ ভেড়া 'সৰজা'ক ৭০০ লাখ টকাত কিনিবলৈও সাজু । কিন্তু মালিক জনে বিক্ৰী কৰিবলৈ অমান্তি হয় ।
-সৰজা নামৰ এই ভেড়া টোৰ পোৱালি ৫ ৰ পৰা ১০ লাখ টকা পৰ্যন্ত বিক্ৰী হয় ।
-সাঙ্গলিৰ আত্পদি তহচিলৰ ভেড়া পালক বাবু মেতকৰীৰ ২০০ টা ভেড়া আছে ।
আপুনি গৰু আৰু মহৰ দাম লাখত হয়টো শুনিছে ।
কিন্তু আপুনি কেতিয়াবা শুনিছে নে যে এটা ভেড়াৰ দামো লাখত হব পাৰে । হয় , এইটোৱেই সত্য যে এটা ধুনীয়া ৰূপ আৰু ভাল গুনবসত প্ৰসিদ্ধ 'মেগদয়াল' জাতৰ ভেড়াক মহাৰাষ্ট্ৰৰ সাঙ্গলি জিলাত লোক সকলে ৭০ লাখ টকাত কিনিবলৈও প্ৰস্তুত আছে । কিন্তু ভেড়াৰ মালিক জনে এইটো বিক্ৰী কৰিবলৈ অমান্তি হল আৰু ইয়াৰ দাম ১.৫ কোটি টকা ৰাখিলে ।
মেগদয়াল জাতৰ ভেড়া মহাৰাষ্ট্ৰৰ সাঙ্গলিৰ তহচিলত পোৱা যায় , আৰু অন্য জাতৰ তুলনাত এই জাতৰ আকাৰ টো ডাঙৰ হয় । বিভিন্ন গুণেৰে ভৰা এই ভেড়াৰ চাহিদা প্ৰজনক সকলৰ মাজত অধিক দেখিবলৈ পোৱা যায় । এই জাতৰ নাম তহচিলৰ মেগদয়াল গাঁৱত ৰখা হৈছে । সাঙ্গলিৰ আত্পদি তহচিলৰ ভেড়া পালক বাবু মেতকৰীৰ ২০০ টা ভেড়া আছে আৰু যেতিয়া এখন মেলাত সেই ভেড়া টো কিনিবলৈ ৭০ লাখ টকা দিবলৈ প্ৰকাশ কৰিলে তেতিয়া তেওঁ আচৰিত হৈ গ'ল , কিন্তু ইমান এটা অধিক মূল্যৰ ধন দিয়াৰ পিছতো তেওঁ সেই ভেড়া টো বিক্ৰী নকৰিলে ।
Expert সকলে ঘোষণা কৰিলে ধ্বংসৰ এটা নতুন তাৰিখ , সেই দিনটোত শেষ হৈ যাব সমগ্ৰ পৃথিৱী !
সৰজাৰ নাম দিলে 'মোদী'
মেতকৰিৰ মতে এই ভেড়াৰ প্ৰকৃত নাম হৈছে সৰজা ।
সকলো লোকে ইয়াৰ তুলনা প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত কৰিবলে আৰম্ভ কৰিলে । সেইবাবে ইয়াৰ নামে 'মোদী' হৈ গ'ল । লোক সকলৰ মতে যি দৰে মোদী ডাঙৰীয়াই সকলো নিৰ্বাচনত জয় লাভ কৰি প্ৰধান মন্ত্ৰীৰ আসন লাভ কৰিলে ঠিক তেনেদৰে সৰজাক যি খন মেলতেই লৈ যোৱা গ'ল , তাতেই তাৰ মহত্ত ৰৈ গ'ল ।
আপোনাৰ হাতত বাৰু সেইডাল ৰেখা আছে নেকি , যি ডাল ৰেখাই খলাই দিব আপোনাৰ জীৱন , পাব চৰকাৰী চাকৰি ।
১০ লাখ টকাত বিক্ৰী হয় সৰজাৰ পোৱালি ।
ভেড়াৰ মালিক মেতকৰিয়ে কলে যে সৰজা তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে শুভ । সেইবাবে তেওঁ এইটো বিক্ৰী কৰিব নিবিচাৰে । ৭০ লাখ টকাত কিনিবলৈ বিচৰা লোক জনক তেওঁ বিক্ৰী কৰিবলৈ অমান্তি হল । কাৰণ এই ভেড়াৰ পোৱালি ৫ ৰ পৰা ১০ লাখ টকা পৰ্যন্ত বিক্ৰী হয় ।