একেখন মণ্ডপতে মাক জীয়েকৰ বিয়া সম্পন্ন হ'ল । কিন্তু কেনেকৈ ?

একেখন মণ্ডপতে মাক জীয়েকৰ বিয়া সম্পন্ন হ'ল । কিন্তু কেনেকৈ ?

একেখন মণ্ডপতে মাক জীয়েকৰ বিয়া সম্পন্ন হ'ল । কিন্তু কেনেকৈ ?


কেতিয়াবা জীৱনত এনেকোৱা ঘটনা সন্মোখত আহে যিবোৰৰ বিষয়ে জানিলে নিজৰে কেতিয়াবা আচৰিত লাগে । চিন্তাত পৰে ; ভাবনাৰ সাগৰত ডুব যায় । সময় কাল প্ৰাত্ৰ ইমানেই বেয়া হৈ যায় যে তাৰ পৰা উলাই আহিব পৰা অসম্ভৱ হয় । আজি আমি আপোনাক এনেকোৱা ঘটনাৰ সৈতেই সন্মোখিন কৰাম । য'ত মাক জীয়েকৰ একেখন মণ্ডপতে বিবাহ কাৰ্য কৰাব লগা হ'ল । আপোনি ভাবি আচৰিত হলেও এইয়া সত্য ঘটনা । এইয়া উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ পিপৰিলিৰ ঘটনা । য'ত জীয়েক ইন্দুয়ে সম বয়সীয়া ৰাহুলৰ লগত যুগ্ম জীৱনৰ সাত বাৰ ফেৰে ললে । আনফালে মাক বেলা দেৱীয়ে একেখন মণ্ডপতেই ৫৫ বছৰীয়া নিজৰ দেউৰেকৰ লগত বিয়াত বহিল । এই বিয়াখন গোটেই ৰাজ্যখনতেই এতিয়া চৰ্চিত । বেলা দেৱীৰ গিৰিয়েকৰ মৃত্যু ২৫ বছৰ আগতেই হৈ গৈছে । ইয়াৰ পিছত নিজৰ সন্তানৰ সকলো দায়িত্ব নিজেই লৈছিল । মাক বেলা দেৱীয়ে হাজিৰা কৰিয়েই নিজৰ সন্তান কেইটাক ডাঙৰ দীঘল কৰিলে । ইয়াৰ আগতেও মাকে এটা লৰা আৰু এজনি ছোৱালীৰ বিবাহ সম্পন্ন কৰিছে । আনফালে জীৱনভৰ অকলশৰে বিয়া নপতাকৈ থকা দেউৰাকৰ লগতে গোপন সম্পৰ্ক ৰাখিছিল বেলা দেৱীয়ে । কিন্তু দুয়ো সমাজে কি কব তাক লৈ লাজতে ভয়তে একো কোৱা নাছিল । শেষত উপায় বিহিন হৈ ছোৱালীৰ বিয়া দিনাই মাক বেলা দেৱীয়ে সমাজৰ আগত সকলো বিৱৰি কলে । তাৰ পিছত বহু বাক বিতন্দাৰ পিছত সমাজ মান্তি হ'ল আৰু জীয়েকৰ বিয়াৰ দিনাই মাকৰো বিয়া সম্পন্ন হ'ল ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.