১। এক আচৰ্যকৰ খবৰ।বিয়াৰ দিনা কইনা বিচাৰি নাপালে দৰাই।এই আচৰিত খবৰ উত্তৰপ্ৰদেশৰ।১০ ডিচেম্বৰৰ দিনা উত্তৰপ্ৰদেশৰ আজামগড়ৰ দৰাই ক ইনা আনিবলৈ গৈ ক ইনা বিচাৰি নাপায়।ক ইনা নিখোজ।উপায়ন্তৰ হৈ দৰা আইনৰ আশ্ৰয় লয়।
২।বিশেষ খবৰ।কৰোনাৰ সংকটকালত জনজীৱনৰ পথ কাইটীয়া হৈ থকাৰ বহুদিনৰ মূৰত এক সকাহপূৰ্ণ খবৰ।শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই জানিবলৈ দিয়ে যে, বিদ্যালয়সমূহ ১ জানুৱাৰীৰপৰা পুনৰ খোলা হ'ব।প্ৰতিদিনাই পাঠদান হ'ব।কিন্তু সকলো কোভিদ প্ৰ'ট'কল মানি চলাৰ কথা মন্ত্ৰীজনাই ক'লে।
৩।এক অতি গুৰুত্বপূৰ্ণ খবৰ।অসম চৰকাৰৰ এক বিশেষ সিদ্ধান্ত।৭৪০ খন চৰকাৰী মাদ্ৰাছা বিদ্যালয় general school লৈ পৰিবৰ্তন কৰাৰ সিদ্ধান্ত অসম চৰকাৰে লয়।লগতে ৯৮ খন প্ৰাদেশীকৰণ সংষ্কৃত টোল study centre, research centre আদি হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ও লগতে লয়।
৪।আৰু এক বিশেষ শিক্ষাৰ খবৰ।দিল্লীৰ উচ্চ ন্যায়ালয়ে CBSC ক দোষাৰোপ কৰিলে।CBSC য়ে anti-student attitude গ্ৰহণ কৰিছে বুলি দিল্লীৰ উচ্চ ন্যায়ালয়ে কঠোৰ সমালোচনা কৰিছে।CBSC য়ে ছাত্ৰ-ছাত্ৰীক শত্ৰু হিচাপে জ্ঞান কৰিছে বুলিও ন্যয়ালয়ে কৈছে।
৫।এইবাৰ অতি আচৰ্যকৰ খবৰ।ছবছৰীয়া ল'ৰাই কিনিলে ১৬,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ১১ লাখ মূল্যৰ এপল এপ্চ ষ্ট'ৰ।হয়, নিউয়ৰ্কৰ জ'ৰ্জ নামৰ এটা ছবছৰীয়া ল'ৰাই iPad's version of Sega's Sonic Forces ব্যৱহাৰ কৰি এই কাৰ্য কৰে।জেছিকা জনছনে পুত্ৰৰ বাবে এই শকত পৰিমাণৰ টকা একাউন্টৰপৰা এপলক দিবলগা হোৱাত অতিকৈ আচৰিত হৈ পৰে।কিয়নো পুত্ৰৰ এই কাৰ্যৰ কথা জেছিকাই গম পোৱা নাছিল।পিছতহে গম পাইছিল।
৬।এক বিশেষ খবৰ।এক দুখবৰ।বাংগালুৰু আৰু আহমেদাবাদত মৃত্যু হোৱা কৰোনাৰোগীৰ দেহত ধৰা পৰিছে বিৰল আৰু মাৰাত্মক fungal infection যি কৰোনাৰোগীৰ মৃত্যুৰ কাৰক হৈ পৰিছে।শেহতীয়াকৈ আহমেদাবাদত ৫ জন কৰোনাৰোগী এনে সংক্ৰমণৰ ফলতেই মৃত্যু হোৱা বুলি জানিবপৰা গৈছে।
৭।নলা-নৰ্দমাবোৰ চাফা কৰিলেও পুনৰ লেতেৰা পানীৰেই ভৰপূৰ হয়।কিছুমান লোকৰ স্বভাবেই দুৰ্নীতি কৰা।এইবাৰ বৰপেটাৰ ভিন্ন ব্লকৰ অন্তৰ্গত গাও পঞ্চায়তৰ সভাপতি মোজামিল হক, চফিউৰ ৰহমান আৰু অজয় কুমাৰ দাসক নিলম্বন কৰা হয়।এই দুচিন্তাৰ বাহককেইজনে গ্ৰাম্য উন্নয়ন আচনিৰ ৰূপায়নৰ পুজি অপব্যৱহাৰ কৰাৰ কাৰণে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ আয়ুক্ত হেমেন দাসে যোৱা সোমবাৰে আটাইকেইজনক এই তাৎক্ষণিক ব্যৱস্থা লয়।
৮।এক সুখবৰ।সদৌ অসম যোগ সংঘ ই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যি প্ৰশংসনীয়।২৫ ডিচেম্বৰৰপৰা সংঘ ই ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰোনাকালত অনাক্ৰম্যতা বৃদ্ধিৰ হেতু যোগৰ সজাগতা আনিবলৈ তিনিদিনীয়া কাৰ্যসূচীৰে এক নতুন দিগন্তৰ সূচনা কৰিব।
৯।এক অতিকৈ সুখবৰ।এই খবৰ অসমৰ ক্ৰিকেট জগতৰ।১৩ নৱেম্বৰত Assam Cricket Association য়ে বৰ্ষাপাৰৰ ACA stadium ত এক বিশেষ ঘোষণা কৰে।ঘোষণা অনুসৰি গুৱাহাটীয়ে আই,পি,এলৰ দ্বিতীয় পৰ্যায়ৰ বাবে এটা দল পোৱাৰ সম্ভাৱনা।সচাকৈয়ে ই গৌৰবৰ খবৰ।
১০।এক সুখবৰ।ভাৰতৰ ৰেল বিভাগত অতি শীঘ্ৰেই ১ লাখৰো অধিক খালী পদ পূৰণ কৰা হ'ব। নিযুক্তি প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত হ'ব।প্ৰথম পৰ্যায়ৰ পৰীক্ষ হ'ব ১৫ ডিচেম্বৰৰপৰা ১৮ ডিচেম্বৰলৈকে।