একেলগে ১০ টা বিশেষ খবৰ : আৰম্ভ হ'ল মেলেৰিয়া , মুছলমানে দুখেৱালে সহানুভূতি , CBI gold lost

Daily News


 ১। এক ভয়ংকৰ তথ্য।তথ্য পোহৰলৈ আহে যোৱা শুক্ৰবাৰে।তামিলনাডুত CBI ৰ জিম্মাৰপৰা হেৰাল সোণ।২০১২ বৰ্ষত চেন্নাইৰ চুৰানা কোৰ্পৰেশ্যন এল,টি,ডি ৰ পৰা জব্দ কৰিছিল CBI য়ে প্ৰায় ৪০০ কেজি সোণ।এতিয়া চাৰিশ কেজিৰ এশ কেজি সোণ CBI ৰপৰা হেৰাই গ'ল যাৰ মূল্য ৪৩ কোটি টকা মূল্যৰ।

২। এক বিশেষ খবৰ।খবৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ। ভাৰতৰ নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে যে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত আহি থকা বিধানসভাৰ নিৰ্বাচনত ভোটাৰক ডিজিটেল ভোটিং আই ডি কাৰ্ড দিয়াৰ সম্ভাৱনা।

প্ৰযুক্তিবিদ্যাৰ উচিত ব্যৱহাৰৰ কাৰণেই এনে পদক্ষেপ লোৱা হ'ব পাৰে বুলি জানিব পৰা গৈছে।

৩।এইবাৰ চিন্তনীয় খবৰ কেৰেলাৰ ভূমিৰ।যোৱা বৃহস্পতিবাৰে কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী কে,কে শৈলাজাই জানিবলৈ দিয়ে যে কেৰেলাত এক বিৰল শ্ৰেণীৰ মেলেৰিয়াই প্ৰৱেশ কৰিছে।এই ৰোগ ধৰা পৰিছে চুডানৰপৰা অহা এজন সেনাৰ দেহত।

৪।এক সুখবৰ।ভাৰতৰ পূণ্যভূমিত এক মহানুভৱতা আৰু সম্প্ৰীতিৰ নিদৰ্শন।বাংগালুৰুৰপৰা ৩৫ কিলোমিটাৰ দূৰত ৩০ বছৰৰ পুৰণি এটা হনুমান মন্দিৰ আছে যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ অৰ্থে ভঙাৰ সিদ্ধান্ত লোৱা হৈছে।এনে বিশেষ জটিল ক্ষণতে শুভ ক্ষণৰ সৃষ্টি কৰিলে এজন মূছলমান লোকে।সদাশয় ব্যক্তিজনে নিজৰ প্ৰায় এক কোটি টকাৰ ভূমি দান কৰে মন্দিৰটো নিৰ্মাণ কৰিবলৈ।

৫।এক গৌৰবৰ খবৰ। মেঘালয়ৰ এজন যোদ্ধা,নাম Anthony Syiem, যোদ্ধাজনে শক্তি প্ৰদৰ্শন কৰিব ডুবাইত।এন্থনিয়ে ১৫ ডিচেম্বৰত Mixed Martial Arts ত ভাগ ল'ব।

৬।এক দুখবৰ। মেঘালয়ৰ মূখ্যমন্ত্ৰী Conrad K Sangma ৰ দেহত ধৰা পৰিল কোভিদৰ উপস্থিতি।বৰ্তমান মন্ত্ৰীজনা হোম আইশ্যলেশ্যনত আছে আৰু তেও তেওৰ সংস্পৰংশলৈ অহা সকলোকে কোভিদ পৰীক্ষা কৰিবলৈ অনুৰুধ কৰে।

৭।এক সুখবৰ। আমেৰিকাৰ এটা গবেষকৰ দলে জনালে এক স্বাস্থজনিত সুখবৰ।গৱেশনাৰ তথ্য অনুসৰি গাজৰে দিব পাৰে মানুহক এক পূৰ্ণ স্বাস্থ্য।কাৰণ গাজৰত থকা খাদ্যপ্ৰাণ ক ই আৰু বিটাকেৰোটিনে দেহত থকা বেয়া কলেষ্টৰেল হ্ৰাস কৰিব পাৰে।

৮।আৰু এক সুখবৰ।এক বিশেষ তথ্য। Apple Cider Vinegar ৰ আছে বিশেষ ধৰ্ম।ই আপোনাৰ ওজন কমাব পাৰে।লগতে ইয়াৰ এক ধ্ৰম আছে।ই দেহত তেজৰ গ্লূকজৰ মাত্ৰা কমাব পাৰে।ই দেহৰ বিপাক ক্ৰিয়াৰো উন্নতি ঘটাব পাৰে।

৯।এক আৰু সুখবৰ।বহুদিনৰ মূৰত খোল খাব পুৰীৰ জগন্নাথ মন্দিৰ।মন্দিৰৰ দুৱাৰ ২৩ ডিচেম্বৰৰপৰা খোল খাব।প্ৰথম পৰ্যায়ত মন্দিৰ দৰ্শন কৰিবলৈ দিয়া হ'ব পুৰীৰ লোকসকলকহে।৩ আনুৱাৰীৰপৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লোকক দৰ্শন কৰিবলৈ দিয়া হ'ব।

১০।এক ভয়ংকৰ আৰু আচৰ্যকৰ খবৰ ইন্দোনেচিয়াৰ।এটা ১২ বছৰীয়া ল'ৰাই চিলা উৰুয়াই আছিল।চিলা উৰুৱাই থকাৰ সময়তে অকস্মাতে চিলাৰ ৰচীডালত পাক লাগি চিলাৰ লগতে সিও শূণ্যলৈ গুচি যায়।পিচত ল'ৰাটো মাটিত পৰিল আৰু দুয়োখন হাতত ছয়ঠাইত ফ্ৰেকচ্চাৰ  হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.