১। এক সুখবৰ।আপোনাৰ অনুভৱ হ'ব সকাহপূৰ্ণ। সেয়া নলবাৰী। নলবাৰীৰ এখন চিকিৎসালয় এতিয়া কোভিদৰপৰা সম্পূৰ্ণ মুক্ত।সুদীৰ্খ নমাহৰ মূৰত নলবাৰীৰ স্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় এতিয়া কোভিদমুক্ত।
২। আৰু এক সুখবৰ। যোৱা বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২২৪ গৰাকী একেলগে বহিবপৰা নতুন সংসদ ভৱনৰ ভূমি পূজন আৰু আধাৰশিলা সংথাপন কৰে।উল্লেখযোগ্য যে ,৯৭১ কোটি টকাৰে নিৰ্মাণ হ'ব লগা সংসদভৱনটো ৬৪,৫০০ বৰ্গমিটাৰ ক্ষেত্ৰত হ'ব।
৩।আৰু এক বিশেষ খবৰ। কৰ্ণাটক চৰকাৰে এক বিশেষ আইন প্ৰণয়ন কৰিলে। আইন অনুসৰি গো বধ নিষিদ্ধ।কঠোৰ আইন অনুসৰি গো বধ কৰিলেই ৭ বছৰ পৰ্যন্ত জেইল হব।লগতে ৫ বছৰ পৰ্যন্ত জৰিমনাও দিব লগা হ'ব পাৰে।
৪।এক দুখবৰ।চেন্নাইৰ উপকণ্ঠৰ এখন হোটেলৰ বাথৰুমত চিলিং ফেনত চিপজৰী লয় ২৮ বছৰীয়া যুৱতী য়ে।জনপ্ৰিয় দক্ষিণ টেলিভিছন অভিনেত্ৰী ভি জে চিত্ৰাই হতাশাত ভূগি ভূগি অৱশেষত নিজেই নিজৰ প্ৰাণ ল'লে।অভিনেত্ৰীগৰাকীৰ মৃতদেহ যোৱা বুধবাৰে ৰাতিপুৱা পোৱা গৈছে।
৫।এক গৌৰৱৰ ঢল অসমী আইৰ বুকুলৈ।অসমে আনিলে Best State Promoting Sports বটা।লগতে মধ্যপ্ৰদেশেও এই আনিলে।সেয়া হৈছে মৰ্যাদাপূৰ্ণ FICCI Annual award
৬। অসমলৈ আৰু এক গৌৰবৰ ঢল।ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰালয়ৰ অধীনত অসমৰ এজন শিক্ষকক Teachers' National Award ৰ কাৰণে নিৰ্বাচন কৰাৰ পাছতেই বিশ্বৰ ১১০ খন দেশৰ শিক্ষকসকলৰ মাজতেই Global Teacher Award ৰ কাৰণে নিৰ্বাচিত হ'ল।বঙাইগাৱৰ শ্ৰীজাংগ্ৰাম শিক্ষাখণ্ডৰ ডুমুৰিয়া পিকনাপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিৰখাত হুছেইনক Gurugram NCR ৰ AKS Education Awards য়ে এই বটাৰ বাবে নিৰ্বাচন কৰিছে।
৭।এক সুখবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে।দিল্লী চৰকাৰৰ উপ-মূখ্যমন্ত্ৰী মনিষ চুচোদিয়াই কৰ্মচাৰীৰ দৰ্মহাৰ খবৰ দিলে।তেও জনাইছে যে, Skilled, unskilled, semi-skiled , কেৰাণী আৰু চূপাৰভাইযাৰ কৰ্মচাৰীৰ DA বঢ়োৱা হৈছে।
৮।এক আচৰ্যকৰ খবৰ।নাইজেৰীয়াৰ ড্ৰাগছ ব্যৱসায়ীৰ সুসম্পৰ্ক তামিলনাডুৰ ড্ৰাগছ ব্যৱসায়ীৰ লগত।নাইজেৰীয়াৰ ৪০ বছৰীয়া Chima Vitalis আৰু তামিলনাডুৰ ২৫ বছৰীয়া Srimathi ৰ লগত আছিল ১০ কোটিৰো অধিক মূল্যৰ প্ৰায় ১০.৫ কেজি ওজনৰ ড্ৰাগছ।দুয়োগৰাকী মহিলাক যোৱা বুধবাৰে নতুন দিল্লী ৰেইলৱেই ষ্টেশ্যনত আৰক্ষীয়ে আটক কৰে।
৯।এইবাৰ খবৰ ষ্মাৰ্ট মোবাইলৰ।ই এক সুখবৰ।যোৱা বৃহস্পতিবাৰে ছাউমীয়ে টুইট কৰি জনায় যে Redme 9 power ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব ১৭ ডিচেম্বৰত।আপুনি এতিয়া সাজু হ ওক ইয়াক ওচৰত পাবলৈ।
১০।শেষ খবৰ।অতিকৈ গৌৰবৰ খবৰ।অসমৰ Forest Man যাদব পায়েংৰ এক চুক্তিত সাক্ষৰ।উত্তৰ আমেৰিকাত পৰিৱেশ সম্পৰ্কীয় কাম সহযোগিতাৰে কৰাৰ চুক্তিত ৭ ডিচেম্বৰত স্বাক্ষৰ কৰে Fundacion Azteca ৰ লগত।সচাকৈয়ে পদ্মশ্ৰী প্ৰাপক যাদৱ পায়েংক লৈ অসমবাসী গৌৰাৱান্বিত।