বৃক্কয় কাম কৰা বন্ধ কৰা ১মাহৰ আগতে মানুহৰ শৰীৰত দেখা পোৱা কেইটামান পৰিৱৰ্তন

বৃক্কয় কাম কৰা বন্ধ কৰা ১মাহৰ আগতে মানুহৰ শৰীৰত দেখা পোৱা কেইটামান পৰিৱৰ্তনৰ বিষয়ে নিশ্চয় মন কৰিব 

changes-in-the-human-body-before-a-month-of-kidney-failure.


বৃক্ক হ'ল মানৱ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। বৃক্কয়ে শৰীৰৰ অতিৰিক্ত পানীৰ লগতে হানিকাৰক আৰু বিষাক্ত পদাৰ্থ সমূহ বাহিৰ কৰি পৰিষ্কাৰ কৰা কাৰ্য কৰে আৰু লগতে তেজও চাফা কৰে। আমাৰ শৰীৰত দুটা বৃক্ক থাকে। যদিহে আমাৰ এটা বৃক্কয়ে কাম কৰা বন্ধ কৰে তেন্তে আনটো বৃক্কৰ জৰিয়তেও আমাৰ শৰীৰৰ কাৰ্যসমূহ সম্পাদন হব পাৰে। আজিকালি ভূল জীৱন শৈলী আৰু ভূল খোৱা- বোৱাৰ  কাৰণেই বহু সংখ্যক মানুহৰে কম বয়সতে বৃক্কয়ে কাম কৰা বন্ধ কৰা হৈছে। বৃক্কই কাম কৰা বন্ধ কৰাৰ আগতেই শৰীৰে ইয়াৰ সংকেত প্ৰদান কৰে। বৃক্কয়ে কাম কৰা বন্ধ কৰা ১মাহৰ আগতে মানুহৰ শৰীৰত দেখা পোৱা কেইটামান পৰিৱৰ্তন হ'ল-

বৃক্কয়ে কাম কৰা বন্ধ কৰা আগৰ সংকেত 

১|যদিহে পেচাৱ কৰা সময়ত পেচাৱৰ সৈতে তেজও বাহিৰ ওলাই তেন্তে এইটো বৃক্কয়েকাম কৰা বন্ধ কৰা সংকেত হব পাৰে। এনেকুৱা সময়ত আপুনি ঔষধৰ সকলোতকৈ অধিক যুক্তিপূৰ্ণ বিজ্ঞান বিধিৰ সৈতে সম্পৰ্ক কৰক।

২৷ যদিহে হথাৎ শৰীৰৰ ওজন বৃদ্ধি হব ধৰে আৰু শৰীৰত বৃষ হয় তেন্তে আপুনি সাৱধান হওক কাৰণ এইটো এটা বৃক্কয়ে কাম কৰা বন্ধ কৰা এটা সংকেত। 

৩| যদিহে আপোনাৰ সঘনাই পেচাৱ হব ধৰিছে নাইবা কমকৈ পেচাৱ হব ধৰিছে আৰু বাৰে বাৰে পেচাৱ কৰিবলৈ যাৱ লগা হৈছে তেন্তে এইটো বৃক্কয়ে কাম কৰা বন্ধ কৰা সংকেত হব পাৰে। এনেকুৱা সময়ত আপুনি অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লওক। 

৪| বৃক্কয়ে কাম কৰা বন্ধ কৰা বাবে আমাৰ মগজুত ও অক্সিজেনৰ পৰিমাণ কম হব পাৰে যাৰ বাবে ব্যক্তিৰ স্বভাৱ-চৰিত্ৰৰ পৰিবৰ্তন হয় আৰু মনত একাগ্ৰতা কম হৈ যায়। 

৫| বৃক্কয়ে কাম কৰা বন্ধ কৰা বাবে হাওঁফাওঁত পানী জমা হয় আৰু হাওঁফাওঁৰ  কাৰ্য সমতা কমি যায় আৰু এনেকুৱা হোৱা ফলত উশাহ লোৱাত কষ্ট হোৱা যেন অনুভৱ হব পাৰে। এই লক্ষণ দেখা দিয়াৰ পাছত অতি সোনকালে পৰীক্ষা কৰি ডাক্তৰৰ পৰামৰ্শ লওক।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.