মনু পঞ্জাৱীক ৰাখী সাৱন্তৰ স্বামীৰ কৰ্কথনা : Rakhi Sawant's husband slams Manu Punjabi for 'aukaat' remark

মনু পঞ্জাৱীক ৰাখী সাৱন্তৰ স্বামীৰ কৰ্কথনা : "তেওঁৰ টাৰ্ণঅভাৰ মাত্ৰ ১.৩ বিলিয়ন USD, য'ত নেকি মই ৬ বিলিয়নৰ গৰাকী।"

Rakhi Sawant's husband slams Manu Punjabi for 'aukaat' remark


উল্লেখ্য যে এইমাহৰ আৰম্ভণিতে এগৰাকী প্ৰত্যাহ্বানকাৰী হিচাপে 'বিগ বছ ১৪'অত ৰাখী সাৱন্তে প্ৰৱেশ কৰিছিল।নিক্কী তম্বোলী আৰু মনু পঞ্জাৱীৰ মন্তব্যৰ বাবে 'বিগ বছ ১৪' অৰ "হালিয়া এপিছ'ড"অৰ পৰাই ৰাখী সাৱন্তৰ স্বামী নিতেশ অস্বস্তিত আছিল। ৰাখীৰ ভাষ্য মতে, নিক্কী আৰু মনুৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু তেওঁলোকে ৰাখী আৰু নিতেশৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ অগ্ৰগতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।এটা নতুন সাক্ষাৎকাৰত ৰাখীৰ কেৰিয়াৰক লৈ আগবঢ়োৱা মন্তব্যৰ বাবে নিতেশে নিক্কীক চৰিয়ালে। মনুৱে ৰাখীৰ ষ্টেটাছক/যোগ্যতাক লৈ উত্থাপন কৰা প্ৰশ্নৰ ওপৰত আপত্তি দৰ্শায় নিতেশে।

"২০১৯ অত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা আৰু এতিয়ালৈ দাক্ষিণাত্যৰ তিনিখন ছবিত অভিনয় কৰা নিক্কীয়ে ৰাখীৰ অনুভৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। মই ভাবো যে তেওঁ কেৱল মাত্ৰ নিজৰ ৱিকিপিডিয়ায়ে পঢ়িব লাগে। তেতিয়া তেওঁ নিজেই উপলব্ধি কৰিব যে তেওঁ কিহৰ যোগ্য। ৰাখী কেৱল ইয়াতে নহয়, সমগ্ৰ বিশ্বতে জনপ্ৰিয়।" নিতেশে এইদৰে স্পটবয়ক কয়।

"সেই মনু পঞ্জাৱীয়ে সুধিছে যে ৰাখীৰ ষ্টেটাছ/যোগ্যতা কি? মনুৰ টাৰ্ণঅভাৰ মাত্ৰ ১.৩ মিলিয়ন USD, য'ত নেকি মই ৬ বিলিয়নৰ গৰাকী আৰু ৰাখীয়ে মোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তুলনা কৰিবই নোৱাৰি। তদুপৰি মূল কথা এইটোৱে যে টকাৰ পৰিমাণ চাই কোনো ব্যক্তিৰ ষ্টেটাছ/যোগ্যতা নিৰ্ধাৰণ কৰিব নোৱাৰি। ব্যক্তিৰ ব্যক্তিত্ব ব্যৱহাৰে নিৰ্ধাৰণ কৰে। এই কথাটো বুজি পোৱা উচিত।", নিতেশে কয়।

"পত্নী তীজ সিদ্ধুৰ প্ৰসৱজনিত কাৰণত চিকিৎসালয়লৈ গৈ কৰণবীৰ বোহৰাই সুখত নৃত্য কৰিছে আৰু কৈছে, :"ল'ৰা হওঁক বা ছোৱালী, সেয়া বিচাৰ্য বিষয় নহয়। মূল কথা এইটোৱে যে মই ভাগ্যশালী হোৱাৰ দিশে অগ্ৰসৰ হৈছো।"

স্মৰ্তব্য যে, 'বিগ বছ ১৪'ৰ 'হালিয়া' এপিছ'ডত নিক্কীৰ বিষয়ে ৰাখীয়ে কৈছিল, "তেওঁ এগৰাকী প্ৰলোভনকাৰী মহিলা। মাৰ্ডনক চুকলৈ লৈ গৈ একেলগে বহি আড্ডা দিছিল তেওঁ।" এই মন্তব্যৰ বাবে ৰাখীক চৰ মাৰি নিক্কীয়ে কৈছিল যে যোৱা ১৫ টা বৰ্ষত তেওঁ কি ধৰণৰ কৰ্মত লিপ্ত হৈছে, সেয়া সকলোৱে জানে।

নিক্কীৰ লগত থকা বন্ধুত্বৰ সম্পৰ্কত আঙুলি টোওৱা বাবে মনুৱেও ৰাখীক চৰিয়াইছিল আৰু সুধিছিল যে তেওঁলোকক সেইদৰে ক'বলৈ ৰাখীৰ যোগ্যতাই বা ক'ত?

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.