মই মা হোৱাৰ আশাত
✎প্ৰহ্লাদ জ্যোতি বৰা
ঘৰৰ মানুহবোৰৰ অশান্তিবোৰ দিনক দিনে বাঢ়িছে
ভুলটো মোৰেই
মই মা হ'ব নোৱাৰো
বুকুখন সদায় খালি হৈয়েই থাকিব
মানুহে মোক বাজী বুলি হাঁহিব৷
শাহু আইয়ে কয়
বাজী তিৰোতাৰ কামত নাহে
যেনেকৈ গুটি নলগা গছৰ কাম নাই
ননদে বেকা চকু দেখুৱাই
শহুৰদেউতায়ে অশ্লীল ভাষাৰে মোক কথা শুনায় ৷
মোক বাজী বুলি নাৰীবোৰে হাঁহে
চেনেল পেহীয়ে মোৰ দোষবোৰ খুচুৰি ফুৰে
নাৰীয়েই নাৰীৰ মূল শত্ৰু
নাৰীয়েই নাৰীৰ মূল সমস্যা৷
নাৰীয়ে নাৰীক দিব লাগে সাহস
নাৰীয়ে নাৰীক দিব লাগে মৰ্য্যদা
তেহে নাৰীয়ে পাব সমাজত উচ্চ মান
পুৰুষেও জনাব নাৰীক প্ৰণাম৷
সৰু লৰা ছোৱালীবোৰ দেখিলে
বুকুতে শুৱাই নিচুকনি গীত গাবলৈ মন যায়
কোনোবাই মা বুলি মাতিব নেকি
তাৰেই আশাত থাকো সদায়৷
দোভাগ ৰাতি সপোনত
কোনোবা শিশুৱে মোৰ স্তন দুটা চুহি খায়
এজাক শীতল বতাহ বুকুৱেদি পাৰ হৈ যায়৷
পুৱা শুই উঠি দেখো
বুকুখন উদং মোৰ
চকুৰপানীৰে নেদেখা জীৱনৰ বাট
মাথো আছো জীয়াই এবাৰ মা হোৱাৰ আশাত৷
নাৰীৰ বাবে মা শব্দটোৱেই জীৱন
নাৰীৰ বাবে মা শব্দটোৱেই সাহস
নাৰীৰ বাবে মা শব্দটোৱেই এক প্ৰতিবাদী কবিতা
নাৰীৰ বাবে মা শব্দটোৱেই জীৱনৰ মালিতা৷
মোৰ কপালতহে নাই
কোনে মোক মা বুলি মাতিব
কোনে মোৰ বুকুত নিৰৱে টোপনি যাব
এটা সপোনৰ আশাত বন্দী
ময়েই অভাগিনী নাৰী৷
মা হোৱা সপোনটো দেখিবলৈ তথাপিও এৰা নাই
ভাৱিছো নিজৰ নহলেও আনৰ সন্তানকেই লম বুকুত সাৱতি
দুগ্ধ নোলোৱা স্তনদুটাত তাৰ মুখ লগাই দিম
নিচুকনী গীত গাম
তাৰ লগত খেলিম
তাৰ হাঁহিত বিলীন হৈ যাম
এখোজ আগবাঢ়ি ভৱিষ্যতৰ সপোন দেখিম৷
মই নজনাকৈয়ে
স্বামীয়ে অনাথ আশ্ৰমএখনৰ পৰা
এজনী কন্যা সন্তান মোৰ বুকুত গুজি দিলে
লোৱা এইয়া আমাৰ মৰমৰ সন্তান বুলি
মোৰ বুকুৰ মাজত শুৱাই দিলে
ফুলকুমলীয়া সন্তানটোৰ হাঁহিৰ মাজত
মই নিজকে পাহৰি পেলালো
মই মা হ'ব পাৰিলো
মই মা হ'ব পাৰিলো৷
এদিন দুদিনকৈ তাই ডাঙৰ হ'ল
দ্বায়িত্ববোৰ বেছিকৈ বাঢ়ি গ'ল
এদিন তাই থুকাথুকি মাতেৰে মোক
মা বুলি মাতিলে
তাইৰ মাতত বুকুখন শাঁত পৰি গ'ল
আনন্দৰ চকুৰপানীয়ে বাট নেদেখা হ'ল৷
স্বামীৰ বুকুত মূৰ থৈ আনন্দতে কান্দিলো
মই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শব্দ " মা" হ'ব পাৰিলো
মোৰ সপোনটোক মই জীয়াই ৰাখিলো
জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী বাক্যশাৰী
বাৰে বাৰে মুখৰ ভিতৰতেই উচ্চাৰন কৰিলো৷