বিজেপিৰ সভাত অপ্ৰীতিকৰ পৰিস্থিতি

 

Assam bjp udalguri meeting

বিজেপিৰ সভাত অপ্ৰীতিকৰ পৰিস্থিতি। এফালে ৰঞ্জিত দাসক কৃষক মুক্তি সংগ্ৰাম সমিতৰ কʼলা পতাকা প্ৰদৰ্শন আনফালে বিপিএফ কৰ্মীৰ বিজেপিৰ গʼবেক ধ্বনি। ৰঞ্জিত দাসে ওদালগুৰি জিলাৰ খৈৰাবাৰী পৰষদীয় সমষ্টিৰ ভূঞাখাটত আবেলি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰিছিল প্ৰাৰ্থী ভবেন্দ্ৰ বড়োৰ হৈ। শেষ সময় সভাপতি গৰাকীয়ে ঠিক ভাষণ আৰম্ভ কৰাৰ লগে লগেই একাংশ বিপিএফ কৰ্মীয়ে ৰঞ্জিত দাস গʼবেক , দিলীপ শইকীয়া মুৰ্দাবাদ ধ্বনি , বিজেপি মুৰ্দাবাদ আদি শ্লʼগান দিয়ে। চৰম হতাশাত ভুগি বিপিএফে এনে অগণতান্ত্ৰিক কাৰ্য কৰা বুলি অভিহিত কৰে ৰঞ্জিত দাস আৰু দিলীপ শইকীয়াই। আনফালে ৰঞ্জিত দাস সভাত প্ৰবেশ কৰাৰ লগে লগে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কʼলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দুগৰাকী প্ৰতিবাদকাৰিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ওদালগুৰিৰ পৰা নীলোৎপল দাস

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.