গাড়ীৰ বেটাৰীৰ বাবে হত্যা কৰিলে যুৱকক : ক'ত আৰু কোনে ?

Times Guwahati News


বঙাইগাঁও জিলাৰ আমতলাত উদ্ধাৰ হোৱা পাৰেৰচৰ পাৰ্ট 2  কুশীমুদদিন নামৰ এজন ই ৰিক্সা চালকৰ মৃত দেহ উদ্ধাৰ হোৱাৰ পিছতে সেই হত্যা কাণ্ডৰ লগত জড়িত থকা হত্যাকাৰীক তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে অভয়াপুৰীৰ আৰক্ষীয়ে । অভয়াপুৰীৰ থানাৰ  আৰক্ষীৰ এয়া এক বিশেষ সফলতা । এই কুশীমুদ্দিন আছিল বঙাইগাঁও জিলাৰ পাইৰাৰ চৰ পাৰ্ট 2 নিবাসী মুকছেদ আলিৰ পুত্ৰ ।  যোৱা কিছুদিন পুৰ্বেই কুশীমুদ্দিন হঠাৎ নিৰুদ্দেশ হয় আৰু বুধবাৰে আমতলাৰ পাহাৰৰ কাষত উদ্ধাৰ হয় কুশীমুদ্দিনৰ মৃত দেহ । 

Times Guwahati

তাৰ পিছতেই অভয়াপুৰীৰ থানাৰ আৰক্ষীয়ে দ্ৰুতগতিত অভিযান চলাই  কৰায়ত্ব কৰিবলৈ সক্ষম হয় তিনিজন অপৰাধীক ।ই ৰিক্সা  খনৰ বেটাৰীৰ বাবেই সংগঠিত হল এই জঘন্য হত্যা কাণ্ড বুলি মন্তব্য আগবঢ়াইছে আৰক্ষীয়ে । এই হত্যা কাণ্ডৰ লগত আন কোনোবা জড়িত থাকিলে সেই সকলকো শীঘ্ৰেই কৰায়ত্ব কৰা হব বুলি আৰক্ষীয়ে জনাইছে ।অভয়াপুৰীৰ পৰা হিমাংশু দাসৰ বিশেষ প্ৰতিবেদন, Times Guwahati২৬ নৱেম্বৰ

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.