TRAI আনিছে নতুন নিয়ম । নতুন নিয়ম অনুসৰি । ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে Landline ৰ লগতে Mobile phone ত call কৰিব লগা হলে গ্ৰাহকে যোগ কৰিব লাগিব এটা অতিৰিক্ত সংখ্যা। এতিয়াৰে পৰা ফোন নম্বৰ ১০ টা সংখ্যাৰ আগত শূন্য ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব। এই সন্দৰ্ভত ট্ৰাইৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে টেলীকম প্ৰতিষ্ঠানসমূহে আৰু এই নিয়ম প্ৰযোজ্য হব জানুৱাৰীৰ পৰা ।
ইয়াৰ উপৰিও যোৱা ২৯ মে’ত মোবাইল নম্বৰৰ আগত শূন্য ব্যৱহাৰ কৰাৰ সন্দৰ্ভত TRAI প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ।
লেণ্ডলাইনৰ লগতে মোবাইল নম্বৰ ডাইল কৰাৰ পদ্ধতি সলনিৰ বাবে TRAI প্ৰস্তাৱ গ্ৰহণ কৰিব । ই মোবাইলৰ লগতে লেণ্ডলাই ন সেৱাৰ বাবে পৰ্যাপ্ত নম্বৰ সৃষ্টি কৰাত সহায়ক হ’ব। বৰ্তমান মবাইল নম্বৰ ১০ টা অংকৰ জানুৱাৰীৰ পৰা ১১ টা অংকৰ হব । এই নিয়ম প্ৰযোজ্যৰ পিছৰ পৰা লেণ্ডলাইনৰ লগতে মোবাইল ক'ল কৰাৰ বাবে নম্বৰৰ আগত শূন্য ব্যৱহাৰ কৰাৰ পিছতহে ফোন কৰিব পাৰিব । এই ব্যৱস্থাৰ ফলত অতিৰিক্ত ভাবে ২৫৪.৪ কোটি নতুন ফোন নম্বৰ আহিব ভাৰতত ।