ইটালীত অসমীয়াৰ গৌৰৱ : বৰপেটা চহৰৰ অভিনন্দন দাসৰ কৃতিত্ব

 বৰপেটা চহৰৰ অভিনন্দন দাসৰ কৃতিত্ব 

ইটালীৰ বিশ্ববিদ্যালয়ত astroparticle physics ৰ ওপৰত Ph D ৰ বাবে যোগদান

বৰপেটা চহৰৰ অভিনন্দন দাসৰ কৃতিত্ব


বৰপেটা চহৰৰ গান্ধীনগৰৰ অভিনন্দন দাসে বৰপেটা জিলালৈ কঢ়িয়াই আনিছে সুখৰ বতৰা ৷ বৰপেটা গান্ধীনগৰৰ বাসিন্দা সুনন্দ দাস আৰু অঞ্জলি দাসৰ দ্বিতীয় সন্তান অভিনন্দন দাসে ইটালীৰ ইউনিভাৰ্চিটি অফ ট্ৰেন্টোত astroparticle physics বিষয়ৰ ওপৰত Ph D কৰাৰ বাবে যোগদান কৰিছে ৷ তেওঁ Alpha magnetic spectrometer(AMS-02) International space station ত থকা এটা গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত গৱেষণা কৰিব ৷ গৱেষণাৰ কালচোৱাত তেওঁক বছৰত ১৬,২৯০ ইউৰো অৰ্থাৎ কমেও ১৪ লাখ ২০ হাজাৰ টকাৰ বৃত্তি আগবঢ়াব ৷ উল্লেখ্য যে, অভিনন্দন দাসে International school for advance studies আৰু University of Trento ত "Theoretical and computational physics" বিষয়ত মুঠ ১১০ নম্বৰৰ ভিতৰত ১০৮ নম্বৰ লাভ কৰি শীৰ্ষস্থানত Master's degree লাভ কৰিছিল ৷ সেইবাৰো তেওঁ ৭৫০ ইউৰো অৰ্থাৎ কমেও ৬৫ হাজাৰ বৃত্তি আৰু বিনামূলীয়া শিক্ষা লাভ কৰিছিল ৷ বিশ্বজুৰি খ্যাত physicist, prof. Stefano Liberati ৰ লগত তেওঁ প্ৰতিষ্ঠিত পত্ৰিকা springer ত দুখন গৱেষণা গ্ৰন্থও প্ৰকাশ কৰিছে ৷ তেওঁৰ পিতৃ সুনন্দা দাস বঙাইগাঁও শোধনাগাৰৰ এজন অৱসৰপ্ৰাপ্ত চাকৰিয়াল ৷


বঙাইগাওঁৰ পৰা হিমাংশু দাসৰ বিশেষ প্ৰতিবেদন, 

Times Guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.