SBI ATM ৰ পৰা টকা উঠোৱাৰ নতুন নিয়ম - ১৮ ছেপ্তেম্বৰৰপৰা প্ৰযোজ্য
ATM ৰে টকা উঠোৱাত SBI ৰ নিয়মত এক নতুনত্ব ছেপ্তেম্বৰ মাহৰ ১৮ তাৰিখৰপৰা।OTP ব্যৱহাৰ কৰি গ্ৰাহকে ATM ৰে টকা উঠাব লাগিব। ই হৈছেATM security system ক সুদৃহ কৰাৰ এক নতুন পদ্ধতি।
নতুন নিয়ম অনুসৰি SBI ৰ গ্ৰাহকসকলে ১৮ ছেপ্তেম্বৰৰপৰা দিনটোৰ ভিতৰত এবাৰহে ATM ৰে ১০,০০০ টকা উঠাব পাৰিব।একেদিনাই তাতকৈ বেছি পৰিমানৰ টকা দ্বিতীয়বাৰ উঠাবলৈ OTP অৰ্থাৎ One Time Password ব্যৱহাৰ কৰিব লাগিব।
লেনদেনৰ এই নতুন প্ৰক্ৰিয়াই ক্ষমতাৰ বহিৰ্ভূত লেনদেনৰ বিৰুদ্ধে থিয় দিব।ই এক গ্ৰাহকৰ লেনদেনক সুৰক্ষা দিব পৰা প্ৰযুক্তিপ্ৰক্ৰিয়া।
বিশেষ কথা হ'ল,OTP প্ৰক্ৰিয়াত নিহিত থাকিব বেংকৰ লগত গ্ৰাহকৰ মোবাইল নম্বৰ পঞ্জীয়ন।
গ্ৰাহকে জানিবলগা কথাটো হ'ল,
গ্ৰাহকে টকাৰ পৰিমানটো মেচিনত প্ৰৱেশ কৰোৱাৰ পাছত ATM screen য়ে আপোনাৰ মোবাইলে পোৱা OTP বিচাৰিব।তাৰপাছত আপুনি মেচিনত OTP প্ৰৱেশ কৰোৱাৰ পাছতে লেনদেনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব।
যিনহ ওক এই নতুন প্ৰক্ৰিয়াই আপোনাৰ ATM ৰে কৰা টকা লেনদেনৰ প্ৰক্ৰিয়াক এক সুৰক্ষা দিয়াৰ লগতে ক্ষমতাৰ বহিৰ্ভূত লেনদেনক বাধা দিব।