বিবাহৰ সোণ ক্ৰয়ৰ বাবে চৰকাৰে প্ৰদান কৰিব আৰ্থিক অনুদান

 

Assamese News Times Guwahati

বিবাহযোগ্য কন্যাৰ বিবাহৰ সোণ ক্ৰয়ৰ বাবে চৰকাৰে প্ৰদান কৰিব আৰ্থিক অনুদান। বিবাহত সোণ ক্ৰয়ৰ বাবে এতিয়া এই আচঁ‌নিয়ে বহু সংখ্যক লোকক সকাহ দিব। অসম চৰকাৰৰ এই আচঁ‌নি অনুসৰি বিবাহযোগ্য কন্যাৰ বিবাহৰ সোণ ক্ৰয়ৰ বাবে "অৰুন্ধতী স্বৰ্ণ উপহাৰ আচঁ‌নি"ৰ অধীনত ৪০,০০০ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব।

Assam news wedding


এই আচঁ‌নিৰ নিয়মাৱলীসমূহ হৈছে


১)বিবাহ পঞ্জীয়নৰ বাবে দৰা আৰু কইনাৰ বয়স ক্ৰমে ২১ আৰু ১৮ বছৰ হ'ব লাগিব।


২)বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত আবেদনকাৰীৰ বিবাহ পঞ্জীয়নভুক্ত হ'ব লাগিব। 


৩)১ ডিছেম্বৰ,২০১৯ অথবা তাৰ পাছত হোৱা বিবাহ আৰু ১জানুৱাৰী,২০২০ অথবা তাৰ পাছত হোৱা পঞ্জীয়নৰ ক্ষেত্ৰত এই আচঁ‌নি প্ৰযোজ্য হ'ব। 


৪)আবেদনকাৰী কন্যাৰ পিতৃ - মাতৃৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ কম হ'ব লাগিব।


৫)কন্যাৰ প্ৰথম বিবাহৰ ক্ষেত্ৰত এই আচঁ‌নি প্ৰযোজ্য।


৬)দৰা-কইনা দুয়োগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আদিবাসী আৰু চাহ জনজাতিৰ লোকৰ ক্ষেত্ৰত কোনোধৰণৰ নূন্যতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। 

বিবাহযোগ্য কন্যাৰ বিবাহৰ সোণ ক্ৰয়ৰ বাবে চৰকাৰে প্ৰদান কৰিব আৰ্থিক অনুদান। বিবাহত সোণ ক্ৰয়ৰ বাবে এতিয়া এই আচঁ‌নিয়ে বহু সংখ্যক লোকক সকাহ দিব।


এই আচঁ‌নিয়ে বিবাহত সোণ ক্ৰয়ৰ ক্ষেত্ৰত বহুলোকক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে, বিশেষ বিবাহ আইন,১৯৫৪ৰ অধীনত বিবাহৰ আবেদন কৰোঁ‌তে অৰুন্ধতী স্বৰ্ণ উপহাৰ আচঁ‌নিৰ বাবেও আবেদন কৰাৰ সুবিধা উপলব্ধ হৈছে।


সম্পূৰ্ণ নিৰ্দেশনাৱলী আৰু অনলাইন আবেদনৰ বাবে revenueassam.nic.in/arundhati/ ত চাব পাৰিব।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.