Today's Latest News :- আজিৰ দিনটোৰ বিশেষ খবৰ : অৰুণোদয় আঁ‌চনি, কেন্দ্ৰীয় কৰ্মচাৰীলৈ সুখবৰ লগতে বিভিন্ন বাতৰি




১। দেওবাৰে গুজৰাটৰ কেভেদিয়াৰ ভূমিত ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৫ তম জন্মদিনতেই সাক্ষী হৈ ৰ'ল অসম মাতৃৰ সন্তান শান্তনু কলিতা।দিনটোৰ শুভমূহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদৰ সবৰমতি ৰিভাৰফ্ৰনন্তৰপৰা কেভেদিয়াৰ statue of unity লৈ দেশখনৰ প্ৰথম চী প্লেইন চাৰভিচ উদ্বোধন কৰে।আৰু গৌৰৱৰ কথা যে, এই চী প্লেইন প্ৰজেক্তৰ এক অৱিচ্ছেদ্য অংগ অসমৰ শান্তনু কলিতা। অসম গৌৰৱ শান্থনু কলিতা Spicejet's Sea Plane Project ৰ chief office । maiden sea plane service ক কেভাদিয়াৰ মজিয়াত স্পৰ্শ কৰোৱাত কলিতাই মূখ্য ভূমিকা লয়।


২। কৰোনাই চুড়ান্তভাৱে দুৰ্দিনৰ ক'লা বৰষুণ ঢালিলে মুম্বাইৰ ১৪ বছৰীয়া চুভনৰ ওপৰত।বাৰ বছৰৰ আগতেই পিতৃক হেৰুৱা চুভনৰ মাক এখন বিদ্যালয়ৰ বাচ এটেন্দেন্ট আছিল। কৰোনাৰ কাৰণে বিদ্যালয় বন্ধ হোৱাত তাৰ মাকে কামটো হেৰুৱালে।বেচেৰাই পৰিয়ালটো চলাবলৈ নগাপাড়া, ভেন্দিবজাৰ আদি ভিন্ন ঠাইত নিয়মীয়াকৈ চাহ বিক্ৰী কৰিবলৈ লয়।দিনটোত তিনি চাৰিশ টকা উপাৰ্জন কৰি মাকক দি অলপ জমা কৰে।


৩।২২নবেম্বৰত অৰুণোদয় আঁ‌চ‌নিৰ নতুন ৰূপ।এক সহাৰিপূৰ্ণ পদক্ষেপ নবেম্বৰ মাহত।আচনিখনে ২০ লাখ পৰিয়ালক অন্তৰ্ভূক্ত কৰিব।প্ৰতিটো পৰিয়ালেই পাব ৮৩০ টকাকৈ।সুখবৰ যে, ইতিমধ্যে ৬৬% লোকৰ নাম আঁ‌চনিত অন্তৰ্ভূক্ত কৰা হৈছে।

৪। কেন্দ্ৰীয় কৰ্মচাৰীলৈ সুখবৰ।দিপাৱলীত বিশেষ অনুভৱ।দিপাৱলীৰ আগতেই মোদী চৰকাৰে Diwali Gift  দিব কৰ্মচাৰীক।এই উপহাৰ হৈছে ,LTC অৰ্থাৎ leave travel concession ৰে সপ্তম আয়োগৰ দৰ্মহা।


৫। ভাৰতমাতৃয়ে বেদনাৰ বিষত কেকাই আছে।দেশখনত কৰোনাৰোগীৰ সংখ্যা ৮১,৮৪,০০০অতিক্ৰম কৰিলে।কৰোনাৰ নিষ্ঠুৰ আঘাত অব্যাহত।মৃত্যুমূখত পৰিল ১,২২,১০০ৰো অধিক।


৬।এক সুখবৰ। বেয়াৰ মাজতেই।Bharat Biotech অহাবছৰৰ second quarter তে আনি আছে কৰোনা ৰুধিবলৈ ভেকচিন।Indian Council Of Medical Research আৰু।Natiinal Institute of Virology ৰ সহযোগত কাম কৰি থকা কোম্পানীটোৱে অহাবছৰৰ second quarter তেই ভেকচিনৰ আশা প্ৰকাশ কৰিছে।


৭। যোৱা শনিবাৰৰ প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় শ্ৰমিক মন্ত্ৰী সন্তুষ গেংৱাৰৰ পত্নী কৰোনাত আক্ৰান্ত হয়।সিমানতেই কৰোনাই ক্ষান্ত থকা নাই।মন্ত্ৰীজনাৰ পৰিয়ালৰ অন্যান্য ছজন সদস্য ও কৰোনাত আক্ৰান্ত হয়।


৮। কিছুমান লোকৰ তেজ মাত্ৰাধিক্য তপত নেকি? সিহঁ‌তৰ হৃদয়ত কাইটীয়া গছৰ হাবি আছে নেকি? হয়,ধৰ্ষণৰ বজ্ৰপাত সিহঁ‌তৰ দেহৰপৰা ওলায়েই থাকে।অতি দুখজনক যে, উত্তৰ ত্ৰিপুৰাত দুটা লম্পটে এজনী ৯০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰে।এই ঘটনা ২৪ অক্টোবৰতেই ঘটে পিছতহে পোহৰলৈ আহে।


৯।ভাৰতমাতৃৰ বুকুৰ উমত ডাঙৰ হোৱা সন্তানৰ চমক।এয়াৰ ইণ্ডিয়াৰ প্ৰথম মহিলা পাইলট হৰপ্ৰীত সিংহ। হৰপ্ৰীতৰ গৌৰৱ আকৌ এবাৰ অধিক কিৰণেৰে জিলিকিল।হৰপ্ৰীতক নিযুক্তি দিয়া হ'ল এলায়েন্চ এয়াৰ,a subsidiary of national carrier ৰ chief executive officer হিচাপে।


১০। সোণোৱাল চৰকাৰে কিন্নৰসকলকো দিলে বিশেষ স্থান।এতিয়াৰপৰা কিন্নৰসকলেও দিব পাৰিব APSC পৰীক্ষা। পৰীক্ষাৰ আবেদন পত্ৰখনে পত্ৰখনৰ অপশ্যনত তেওলোককো আদৰণি জনাইছে।এয়া সচাকৈয়েই প্ৰসংশনীয়।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.