Voter list ত আপোনাৰ নাম আছেনে? নতুন নাম আৰু সলনি কৰক আজিয়েই জানক কেনেকৈ ? Correction in Voter list 2020

 Voter list ত আপোনাৰ নাম আছেনে? নতুন নাম আৰু সলনি কৰক আজিয়েই জানক কেনেকৈ ? 

New rule on voter list


নিৰ্বাচনত ভোট দিয়াটো সকলো নাগৰিকৰে প্ৰধান কৰ্ত্তব্য অথবা মৌলিক অধিকাৰ । ভাৰতত ১৮ বছৰ বয়স হলেই ভোট দিবৰ বাবে সাজু হয় । কিন্তু কিছু লোকৰ নাম হয়টো অন্তভুক্ত হোৱা নাই নাইবা বহুতৰে নাম ভুলকৈ আছে ভোটাৰ তালিকাত ।

খচৰা ভোটাৰ তালিকাত নাম কৰ্তন, তথ্য শুধৰণি, অভিযোগ আদিৰ বাবে সুবিধা প্ৰদান কৰিছে নিৰ্বাচন আয়োগে । ইয়াৰ বাবে ১৫ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব নাগৰিকে। অনলাইন বা অফলাইন দুই  ধৰণেই আবেদন কৰিব পাৰিব। অনলাইনৰ  যোগেদি কৰিবলৈ প্ৰথমতে www.ceoassam.nic.in আৰু www.nvsp.in ত লগ ইন কৰিব লাগিব ।

যদিহে অফলাইন কৰে তেন্তে নিৰ্বাচনী পঞ্জীয়কৰ কাৰ্যালয়ৰ যোগেদিও আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। অনলাইন বা অফলাইনৰ জৰিয়তে নতুনকৈ নাম পঞ্জীয়ন, তথ্য শুধৰণি, নাম কৰ্তন কৰিব পাৰিব লগতে সলনি কৰিব পাৰিব ভোটদান কেন্দ্ৰও ।


কি কি ভুল কেনেদৰে শুধৰাব আপুনি ?


১) আপোনাৰ নাম একাধিক ঠাইত পঞ্জীয়ন হৈ থাকিলে প্ৰপত্ৰ ৭ যোগে আবেদন কৰিব লাগিব।

২) নাম শুধৰণিৰ বাবে প্ৰপত্ৰ ৮ যোগে আবেদন কৰিব লাগিব। সমষ্টিৰ ভিতৰতে ঠিকনা সলনি কৰিলে প্ৰপত্ৰ ৮ (ক) যোগে আবেদন কৰিব লাগিব।

৩) ভোটাৰ তালিতাক নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰপত্ৰ ৬ যোগে আবেদন কৰিব লাগিব ।

নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে এনেদৰে কৰিব লাগিব আবেদন । ওপৰত দিয়া ৩ খন প্ৰপত্ৰ পূৰণ কৰি নিৰ্বাচন পঞ্জীয়ক বিষয়া, বুথ পৰ্যায়ৰ বিষয়াক দাখিল কৰিব লাগিব। অনলাইন যোগে  WWW.NVSP.IN ত আবেদন কৰিব পাৰিব। অফলাইন যোগে কৰিলে চিইঅ’ বা ডিইঅ’ ৱেবচাইটৰ পৰা প্ৰপত্ৰ ৬ ডাউন লোড কৰি সম্পন্ন কৰিব লাগিব। তেতিয়াহে online ত Reject  হোৱাৰ পৰা বাচিব পাৰিব । অতিশিঘ্ৰেই ভোটাৰ তালিকাত নিজৰ ভুল হৈ থকা নাম,ঠিকনা সলনি কৰি লওক । 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.