ডিচেম্বৰৰ ১ তাৰিখৰ পৰা সলনি বহু কেইটা নিয়ম । জানক আজিয়েই

 ডিচেম্বৰৰ ১ তাৰিখৰ পৰা সলনি বহু কেইটা নিয়ম । জানক আজিয়েই 

Govt rule


ৰে’ল সেৱা তথা গেছ চিলিণ্ডাৰৰ সৈতে জড়িত বহু কেইটা নিয়ম সলনি হ’ব ১ তাৰিখৰ পৰা যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব।

  ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) কিছু নিয়ম সলনি কৰিছে। ধনৰ লেনদেনৰ ক্ষেত্ৰত এই নিয়ম বান্ধি দিয়া হৈছে । ইয়াৰ বাহিৰে চৰকাৰী তৈল কোম্পানীয়ে প্ৰতি মাহে গেছৰ দাম আপডেট কৰে। এনে বহু কেইটা নিয়ম সলনি হৈছে । জানো আহক নিয়ম সমূহ :- 

১) LIC বা অন্য বীমা পলিচি প্রিমিয়ামৰ ক্ষেত্ৰত সাল–সলনি কৰিব পাৰে চৰকাৰে : এতিয়াৰ পৰা ৫ বছৰৰ পলিচী হোল্ডাৰসকলে প্ৰিমিয়ামৰ টকা ৫০ শতাংশ পর্যন্ত কমাব পাৰিব । 

২) RBI ৰ RTGSৰ সুবিধা মতে ডিচেম্বৰ মাহৰ পৰা বেংকত টকা লেনদেন কৰাৰ ক্ষেত্ৰত কিছু নিয়ম সাল সলনি কৰা হৈছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই RTGS 24x7x365 কৰাৰ কথা ঘোষণা কৰিছে । অৰ্থাৎ এতিয়াৰ পৰা RTGS ৰ জৰিয়তে ২৪ ঘণ্টাই টকাৰ লেনদেন কৰিব পাৰিব RBI ত । সকলো সময়তে বেংকৰ এই সুবিধা আপোনাৰ বাবে লাভজনক হব ।

Money news



৩) এই ডিচেম্বৰৰ পৰাই চলিব বহুকেইখন নতুন  Train : ভাৰতীয় ৰে’লৱেই সিদ্ধান্ত মৰ্মে আৰম্ভ হ'ব ট্ৰেইন সমূহ । পহিলা ডিচেম্বৰৰ পৰা আকৌ নতুনকৈ কেবাখনো ট্ৰেন আৰম্ভ হ’ব। ইয়াৰ মাজত আছে ঝিলাম এক্সপ্ৰেছ তথা পঞ্জাৱ মেইল।

৪) সলনি হ’ব ৰন্ধন গেছৰ দাম- প্রত্যেক মাহৰ প্ৰথম দিনটোত গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা হয়। সেইমতে ১ ডিচেম্বৰতো দেশজুৰি ৰন্ধন গেছৰ দাম সলনি হ’ব। বিগত মাহত অৱশ্যে দামৰ কোনো সাল–সলনি হোৱা নাছিল।

৫) ঠিকাদাৰে নাপাব কাম । পথ নিৰ্মান বা যিকোনো চৰকাৰী কামৰ ঠিকা কৰা ঠিকাদাৰলৈ চৰকাৰৰ বিশেষ সকিয়নী । এতিয়াৰে পৰা ঠিকাদাৰৰ কামত বিসংগতি হলেই সেই ঠিকাদাৰ জনক black listed কৰিব চৰকাৰে । 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.