ধৰ্ষণকাৰীবোৰ সচাকৈয়েই পাপীষ্ঠ। সিহতে ভগবানকো চিনি নাপায়। মাথো ক্ষুধাটোৰ পূৰণেই সিহতৰ লক্ষ্য।দিল্লীৰ এজনী চাৰিবছৰীয়া ছোৱালী মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈ ধৰ্ষণৰ বলী হয়।কি যে শিহৰণকাৰী ঘটনা। মাকে প্ৰাৰ্থনা কৰোতেই ছোৱালজনীয়ে মন্দিৰৰ বাহিৰত খেলিবলৈ ওলাই যায়।সুযোগ বিচাৰি থকা লম্পটটোৱে কণমানিজনীক উঠাই অলপ আতৰৰ নিৰ্জন ঠাইত তাৰ দুষ্কাৰ্য সংঘটিত কৰে।পিছে বেয়া কামৰ ফল ভাল হ'ব পাৰে জানো? শেষত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সেই জঘন্যটোক।
হিতে বিপৰীত।বিদ্যালয় খুলোতেই কৰোনাৰ ভয়াবহ ৰূপ। অন্ধ্ৰপ্ৰদেশত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়েই কৰোনাৰ কবলত পৰিল।তেৰখন জিলাত নৱম আৰু দশম শ্ৰেণীৰ ৫৭৫ জন ছাত্ৰ কৰোনাত আক্ৰান্ত হয়।পিছে সাৰিব নোৱাৰিলে শিক্ষকো।৮২৯ জন শিক্ষক কৰোনাত আক্ৰান্ত।
এক বিশেষ হাতঘড়ী।ই হৈছে smart watch ,যাৰ নাম,Fit X Pro Watch ইয়াৰ বিক্ৰী দ্ৰুতগতি ভাৰতবৰ্ষত।কাৰণ ই কেইবাধৰণৰ স্বাস্থ্যজনিত ফলাফল পিন্ধোতাছনক দিবলৈ সক্ষম হৈছে।
অত্যন্ত সুখবৰ।বৃহস্পতিবাৰে অসমত কৰোনাক্ৰান্ত যদিও ৩১৩ জন হয়, মৃত্যুৰ সংখ্যা শূণ্য।সচাকৈয়ে এক সকাহ।বিষাই থকা বুকুৰ বিষ যেন অলপ কমিছে।আৰোগ্যৰ হাৰো ৯৫.৮৬%।
আৰু এক সুখবৰ।এতিয়া আপুনি ৯,০০০ খন সূলভমূল্যৰ দোকানৰপৰা পিয়াজ কিনিব পাৰিব প্ৰতিকেজিত ৩৫ টকাত।পাইকাৰী মূল্য হ'ব প্ৰতিকেজিত ৫০ টকাকৈ আৰু খুচুৰা মূল্য হ'ব ৫৬ টকাৰপৰা ৫৭ টকালৈ।মূল্যৰ ওপৰত চকু ৰাখিবলৈ গঠন হব task force
মুকেশ আম্বানীৰ ৰিলায়েন্চ ইন্দাষ্ট্ৰীয লিমিটেদৰ এক অতিকৈ প্ৰসংশনীয় পদক্ষেপ।কোম্বানীটোয়ে বঢ়াব অসমৰ এক বিশেষ সৌন্দৰ্য।আপুনি অতিকৈ আনন্দিত হ'ব যে,কোম্পানীটোৱে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ মূল গম্বূজটো ত স্থাপন কৰিব তিনিটাকৈ সোণেৰে নিৰ্মিত কলহ।
বাঘজানৰ জুইয়ে কৰা ধ্বংসলীলাৰ ওপৰত সৰ্বানন্দ সোনোৱালৰ বিশেষ চিন্তাচৰ্চা।অতি শীঘ্ৰেই বাঘজানৰ পুনৰ্স্থাপনৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে এক সভাত।ইতিমধ্যে তেও বিভাগীয় কৰ্তৃপক্ষক প্ৰকল্প ৰূপায়ণৰ কাৰণে পৰামৰ্শ আগবঢ়ায়।তেও ভিন্ন প্ৰকল্পৰ ৰূপায়ণৰ দ্বাৰা বাঘজানৰ ৰূপ হলনি কৰাৰ ব্যৱস্থা হাতত লয়।
হৃদয় ক্ষতবিক্ষত হোৱা এক শোকৰ বন্য়া গাৰো পাহাৰত।পশ্চিম গাৰো পাহাৰ অঞ্চলৰ এখন সৰু গাৱত এসপ্তাহতে পাচবছৰৰ তলৰ পাচজন শিশুৰ মংত্যু ঘটে blood dysentery ত। অত্যন্ত দূখলগা যে মৃত্যূ হোৱা পাচটা শিশুৰ মাজৰে এটাৰ বয়স মাত্ৰ দুমাহ।